NORTHEAST NOW (Assamese)
অসম

মাইক্ৰ ফাইনেঞ্চৰ উদগনিমূলক উপহাৰৰ পৰা বঞ্চিত মহিলাৰ মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ

Posted by: নিৰ্মলেন্দু পাঠক, টীয়ক Updated by: নিৰ্মলেন্দু পাঠক, টীয়ক January 7, 2022 7:35 pm
মাইক্ৰ ফাইনেঞ্চৰ উদগনিমূলক উপহাৰৰ পৰা বঞ্চিত মহিলাৰ মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ

মাইক্ৰ ফাইনেঞ্চৰ উদগনিমূলক উপহাৰৰ পৰা বঞ্চিত টীয়কৰ একাংশ মহিলাই অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ টীয়কৰ ৰাজহ চক্ৰ বিষয়াৰ যোগেদি আজি এক স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে।

চৰকাৰে নিয়মীয়াকৈ মাইক্ৰ ফাইনেঞ্চৰ ঋণৰ কিস্তি আদায় দিয়া সকলক উপহাৰ হিচাপে ২৫০০০ টকা পৰ্যন্ত যি এক আৰ্থিক উপহাৰৰ ঘোষণা কৰিছিল সেয়া আজিও এইসকল নিয়মীয়া কিস্তি আদায় দিয়া মহিলাসকলে লাভ কৰা নাই।

উল্লেখযোগ্য যে ইতিপূৰ্বেও এইসকল দুৰ্ভগীয়া মহিলাই মাইক্ৰ ফাইনেঞ্চৰ কাৰ্যালয়ে কাৰ্যালয়ে গৈ কোনো সুদুত্তৰ নাপাই এইদৰে আজি ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ এই ক্ষেত্ৰত হস্তক্ষেপ বিচাৰি কাতৰ অনুৰোধ জনাইছে।