NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰত চিপিআই, কংগ্ৰেছ দলৰ বহু কৰ্মীৰ ৰাইজৰ দলত যোগদান

Posted by: পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ Updated by: পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ January 7, 2022 6:37 pm

প্ৰায় দুই শতাধিক লোকে আজি বিয়লি এম আই বড়া ৰোডত থকা ৰাইজৰ দলৰ শিৱসাগৰ সমষ্টিৰ মুখ্য কাৰ্যালয়ত যোগদান কৰে।

শিৱসাগৰৰ বহু চিপিআই, কংগ্ৰেছ আদিকে ধৰি আন বহু দল সংগঠনৰ কৰ্মীয়ে অখিল গগৈৰ নেতৃত্বাধীন ৰাইজৰ দলত যোগদান কৰে।

উল্লেখ্য যে সমাগত পৌৰসভা নিৰ্বাচনৰ প্ৰাকঃমূহূৰ্ত্তত ৰাইজৰ দলত এই বৃহৎ যোগদান কাৰ্যসূচীয়ে উৎসাহিত কৰিছে দলটোৰ কৰ্মীসকলক ।

ইপিনে কাইলৈ অৰ্থাৎ শনিবাৰে ৰাইজৰ দলৰ প্ৰথম প্ৰতিষ্ঠা দিৱস শিৱসাগৰত অনুষ্ঠিত হব। শিৱসাগৰৰ যুৱদ’লত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হব ৰাইজৰ দলৰ প্ৰথম প্ৰতিষ্ঠা দিৱস।