NORTHEAST NOW (Assamese)
চলচ্চিত্ৰ

ঘোষণা কৰা হ’ল ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটা : কোনে কোনে লাভ কৰিলে খিতাপ ?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 24, 2023 7:05 pm

ৰাষ্ট্ৰীয় বঁটা – চলচ্চিত্ৰ জগতৰ সৈতে জড়িত সকলো সদস্যৰ বাবে ই এক সপোন। বৃহস্পতি বাৰে নতুন দিল্লীত এখন সংবাদমেলত ঘোষণা কৰা হয় ৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা। বিজয়ীৰ তালিকাখনত বিশেষভাবে হিন্দী ছবিয়ে সফলতা লাভ কৰে। ইয়াৰ লগতে দক্ষিণৰ ছুপাৰহিট ছবি আৰ আৰ আৰেও বিশেষ সফলতা অৰ্জন কৰে। 

এই বঁটাত আলিয়া ভাট আৰু কৃতি ছাননে ক্ৰমে গংগুবাই কঠিয়াৱাড়ী আৰু মিমি ছবিত কৰা অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ খিতাপ দখল কৰে। আল্লু অৰ্জুনে ব্লকবাষ্টাৰ ছবি পুষ্পা: দ্য ৰাইজৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰে। এই তিনিওজন শিল্পীৰ বাবে ই প্ৰথম ৰাষ্ট্ৰীয় বঁটা।

আনহাতে, ৰকেট্ৰি: নাম্বি ইফেক্ট -এ লাভ কৰে শ্ৰেষ্ঠ ছবিৰ সন্মান । অভিনেতা পংকজ ত্ৰিপাঠীয়ে শ্ৰেষ্ঠ সহযোগী অভিনেতা আৰু পল্লৱ যোশীয়ে শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ সন্মান লাভ কৰে। 

আৰ আৰ আৰে শ্ৰেষ্ঠ জনপ্ৰিয় ছবিকে ধৰি কেইবাটা শাখাতো বঁটা লাভ কৰে। কালা ভৈৰৱে ‘নাটু নাটু’ গীতটিৰ বাবে শ্ৰেষ্ঠ পুৰুষ প্লেবেক গায়ক হিচাপে সন্মান লাভ কৰাৰ লগতে শ্ৰেষ্ঠ মহিলা প্লেবেক গায়িকাৰ সন্মান লাভ কৰে শ্ৰেয়া ঘোষালে। 

শ্ৰেষ্ঠ হিন্দী ছবিৰ সন্মান লাভ কৰা গংগুবাই কঠিয়াৱাড়ী আৰু চৰ্দাৰ উধামেও কেইবাটাও বঁটা লাভ কৰে – গংগুবাই কঠিয়াৱাড়ীয়ে অন্যান্য সন্মানৰ লগতে শ্ৰেষ্ঠ চিত্ৰনাট্যৰ সন্মান লাভ কৰে। আনহাতে শ্বেৰশ্বাহে লাভ কৰে বিশেষ জুৰীৰ বঁটা।