NORTHEAST NOW (Assamese)
অসম

ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটা ঘোষণাঃ অনুৰে কঢ়িয়ালে অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ সন্মান

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 24, 2023 8:23 pm
69th National Film Awards Anur

আজি ঘোষণা কৰা হ’ল ৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা। নতুন দিল্লীত এক সংবাদমেল যোগে ঘোষণা কৰা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত উজ্বলি উঠিল অসমৰ কেইবাখনো ছবি।

মঞ্জুল বৰুৱাৰ পৰিচালিত ‘অনুৰ’- এ লাভ কৰিছে অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ সন্মান। সেইদৰে বিশ্বজিৎ বৰাৰ পৰিচালনাত নিৰ্মিত আন এখন অসমীয়া ছবি বুম্বা ৰাইডে শ্ৰেষ্ঠ মিছিং ছবিৰ বঁটা লাভ কৰে।

Boomba Ride (2022) - Movie | Reviews, Cast & Release Date - BookMyShow

ৰীমা বৰাৰ ছবি ‘অনুনাদ-দ্য ৰেজোনেন্সে’ সামাজিক বিষয়ত শ্ৰেষ্ঠ ছবিৰ বঁটা লাভ কৰে। প্ৰণৱ জ্যোতি ডেকাৰ পৰিচালনাৰে তিৱা ছবি ‘ফায়াৰ অন এজ’- এ নন-ফিচাৰ শাখাত শ্ৰেষ্ঠ নৃতাত্ত্বিক ছবিৰ বঁটা লাভ কৰে।

অনুৰ ছবিৰ বাবে অভিনেত্ৰী জাহানাৰা বেগমক ফিচাৰ ফিল্ম শাখাত জুৰীৰ বিশেষ সন্মান প্ৰদান কৰা হয়। আনহাতে কুলাদা কুমাৰ ভট্টাচাৰ্যই ‘হাতীবন্ধু’ৰ বাবে শ্ৰেষ্ঠ ধাৰাভাষ্যকাৰৰ সন্মান লাভ কৰে।