NORTHEAST NOW (Assamese)
অসম

ভূটানৰ ৰাণীৰ জন্মদিনত শুভেচ্ছাৰে উপচাই দিলে কোনে?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 4, 2019 12:17 pm
bhutan-queen

ভূটানৰ প্ৰথানমন্ত্ৰী ড০ লটেই শ্বেৰিঙে ফেচবুকৰ জৰিয়তে সোমবাৰে হিমালয়ৰ সাম্ৰাজ্যখনৰ ৰাণী, সম্ৰাজ্ঞী গ্যালছুৱেনলৈ জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে।

birthday-wish-750x307

ড০ শ্বেৰিঙে লিখিছে :

‘’শুভ জন্মদিন, সম্ৰাজ্ঞী! সম্ৰাজ্ঞী গ্যালছুৱেনৰ জন্ম বাৰ্ষিকী উৎসৱত ৰাষ্ট্ৰৰ সৈতে যোগ দি মই মোৰ বিনম্ৰ ভাৱনা ব্যক্ত কৰিব বিচাৰো…

মই প্ৰায়েই আচৰিত হওঁ কেনেকৈ এনে এক তৰুণী, মোহময়ী ৰাণীয়ে এনেকুৱা এক বিশাল, গুৰুত্বপূৰ্ণ দায়িত্ব কান্ধ পাতি লৈ পৰিচালনা কৰিছে, তাকো অতি নিপুনতাৰে।

সম্ৰাজ্ঞী গ্যালছুৱেন এক প্ৰেম আৰু সৌন্দৰ্য্যৰ সমাহাৰ। সেইয়া আমাৰ এক চৰম উপলব্ধি। আমি যিটো উপলব্ধি নকৰো, আৰু প্ৰায়েই প্ৰশংসা কৰাত ব্যৰ্থ হওঁ, সেয়া হৈছে আমাৰ অতি প্ৰিয় সম্ৰাট আৰু তেওঁৰ সকলো ৰাজকীয় পৰিচালনাত তেওঁ আগবঢ়াই অহা ভূমিকা। এই পৰ্যায়ত এক অকল্পনীয় তথা আত্মোৎসৰ্গৰ প্ৰয়োজন অনস্বীকাৰ্য।

কিন্তু মোক আটাইতকৈ আচৰিত কৰি তোলা কথাটো হৈছে যে তেওঁ প্ৰতিষ্ঠানটোৰ নিৰৱিচ্ছিন্নতা নিশ্চিত কৰি গুৰু দায়িত্ব বহন কৰি আছে, ৰাষ্ট্ৰৰ সন্তান আমাৰ ভৱিষ্যৎ নৱ তাৰকা গ্যালছেইৰ দায়িত্ব বহন কৰিছে। এই নিভাঁজ দায়িত্বৰ কথা ক’তো উচ্চাৰিত নহয় কিন্তু মই ইয়াক এক বৃহৎ সাহস আৰু বিবেচনাৰ দায়িত্ব বুলি ক’ব খোজো। সম্ভৱত: বিশ্বৰ আটাইতকৈ কঠিন কাম।

queen-wallpaper-750x469

মই সদায় কওঁ যে পৰিয়ালত পত্নীয়েই হওক বা মাতৃয়েই হওক, মহিলাই পৰিয়ালটোক বান্ধি ৰাখে। তেওঁ যদি ব্যৰ্থ হয়, তেওঁৰ পৰিয়াল ধ্বংস হৈ পৰে। কিন্তু যদি এই মাতৃ, এই পত্নী ব্যৰ্থ হয়, পৰিণতি বহু সুদূৰপ্ৰসাৰী হয়। কিন্তু আমাৰ সম্ৰাজ্ঞীৰ আঁচলত, আমি সুৰক্ষিত আৰু আদৰ লাভ কৰি আহিছো। এনে ত্যাগ, মহত্ব আৰু প্ৰেৰণা এটা জীৱনত দিব পৰা তেওঁ অন্যত্ৰ বিৰলা নাৰী।

আকৌ মই নিৰন্তৰ আচৰিত হওঁ, মই নিজকে সুধিছো, তেওঁ বিশ্বৰ সকলোৰে প্ৰাৰ্থনাৰ পাত্ৰী নহয়নে?’’

ইয়াৰ মাজতে, ভূটানৰ ৰজা, সম্ৰাট জিগমে খেছৰ নামগ্যাল ৱাংচুকে ৰাণীৰ জন্ম মাহৰ প্ৰতি সন্মান জনাই ভূটানৰ ছাকটেঙৰ তেওঁলোকৰ সাম্ৰাজ্যৰ এক ছবি ডেস্কটপ ৱালপেপাৰৰ জুন সংস্কৰণত প’ষ্ট কৰিছে।

ভূটানৰ ৰাণী, সম্ৰাজ্ঞী গ্যালছুৱেন চলিত জুন মাহত ২৭ বছৰত পদাৰ্পন কৰিছে।