NORTHEAST NOW (Assamese)
Popular Stories

টিউব লাইটৰ এনেকুৱাই হ’য়, পলমকৈ কাৰেণ্ট গৈ পায়; লোকসভাত মোদীয়ে কাক টিউব লাইটৰ সৈতে ৰিজালে?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 6, 2020 6:32 pm
PM Modi

লোকসভাত আজি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাক্তন কংগ্ৰেছ সভাপতি তথা ৱাইনাদ সমষ্টিৰ সাংসদ ৰাহুল গান্ধীক টিউব লাইটৰ সৈতে ৰিজাই তেওঁক জ্বলিবলৈ কিছু সময় লাগে বুলি কয়।

‘‘মই ২০-৩০ মিনিটৰ পৰা ভাষণ দি আছো কিন্তু কাৰেণ্ট গৈ পাওতে ইমান সময় লাগিল। উপায় নাই টিউব লাইটৰ সৈতে এনেকুৱাই হয়,’’ নৰেন্দ্ৰ মোদীৰ মন্তব্য।

উল্লেখযোগ্য যে, দিল্লীৰ এখন নিৰ্বাচনী প্ৰচাৰ সভাত দেশৰ যুৱক সকলে ছয়মাহৰ ভিতৰত নৰেন্দ্ৰ মোদীক এনেকৈ কোবাব তেওঁ ঘৰৰ বাহিৰলৈ ওলাব নোৱাৰিব বুলি ৰাহুল গান্ধীয়ে ভাষণ দিছিল।

ৰাহুল গান্ধীৰ সেই হিংসাত্মক মন্তব্যৰ উত্তৰ দি প্ৰধান মন্ত্ৰীয়ে তেওঁ ইয়াৰ বাবে সাজু বুলি কয়।

‘‘মোক হেনো ছয়মাহৰ ভিতৰত কোবাব এজন কংগ্ৰেছী নেতাই কৈছে। এই কাম কঠিন মই জানো কিন্তু যিহেতু ছয়মাহ সময় আছে ময়ো ইয়াৰ বাবে সূৰ্য্য নমস্কাৰ সংখ্যা বঢ়াব লাগিব যাতে প্ৰতিটো কোব পিঠি পাতি ল’ব পাৰো,’’ মোদীয়ে কয়।

মোদীৰ এই মন্তব্যৰ পাছতে ৰাহুল গান্ধীয়ে উত্তৰ দিবলৈ ধৰাত মোদীয়ে ইমান সময়লৈকে ৰাহুল গান্ধীৰ ওচৰলৈ কাৰেণ্ট গৈ পোৱা নাছিল বুলি কোৱাৰ লগতে টিউব লাইট হ’লে এনেকুৱা হ’বই বুলি ব্যংগ কৰে।