NORTHEAST NOW (Assamese)
অসম

সুমেৰুত জ্বলিছে জুই; চপৰা-চপৰে খহিছে বৰফ, বাঢ়িছে কাৰ্বনৰ মাত্ৰা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 5, 2020 3:08 pm
artic

প্ৰায় ৯৮ শতাংশ অঞ্চল শীতল শুভ্ৰ বৰফে ঢাকি ৰখা সুমেৰুত এতিয়া জ্বলিছে প্ৰচণ্ড জুই।

জুয়ে চানি ধৰিছে শ শ কিলোমিটাৰ বন ভূমি। আকাশ দিনৰ পিছত দিন ধৰি ঢাকি ৰাখিছে ধোঁৱাৰ আস্তৰণে।

এনে পৰিস্থিতিত সুমেৰুৰ বৰফত আৰম্ভ হৈছে বাপক মাত্ৰাত গলন।

চপৰা –চপৰে খহি পৰিছে সুমেৰুৰ বৰফ।

বিগত কিছুদিনৰ ভিতৰতে সুমেৰুত লগা জুইৰ ফলত বায়ু মণ্ডলত মিহলি হৈ পৰিছে প্ৰায় ৬২ নিযুত টন বিষাক্ত কাৰ্বন ডাই অক্সাইড গেছ।

সুমেৰুৰ এই জুইক বিজ্ঞানী সকলে নাম দিছে জাম্বো ফায়াৰ বুলি।

জাম্বো ফায়াৰৰ সৈতে আমাৰ উমি উমি জ্বলি থকা তুঁহ জুইকুৰাৰ বহু মিল আছে।

এই জুই দেখাকৈ বহু সময়ত নজ্বলে যদিও তলে তলে এনে জুয়ে গ্ৰাস কৰি নিয়ে বৃহৎ অঞ্চল।

fire1

সুমেৰুৰ অন্তৰ্গত ৰাছিয়াৰ ছাখা প্ৰদেশৰ লগতে ছাইবেৰিয়াত জাম্বো ফায়াৰে সংহাৰী ৰূপ ধাৰণ কৰিছে।

পুৰি চাৰখাৰ হৈছে সুমেৰুৰ অৱশিষ্ট বনভূমি।

এতিয়ালৈকে সুমেৰুৰ ২১ হাজাৰ টন বৰফ গলি নিঃশেষ হৈছে।

জাম্বো ফায়াৰ আৰু গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবেই ২০২০ চনত এতিয়ালৈকে সুমেৰুৰ পৰা বায়ু মণ্ডলত মিহলি হৈছে ২৮৮ নিযুত টন কাৰ্বন ডাই অক্সাইড। ফলত চিন্তিত হৈছে বিজ্ঞানীসকল।