NORTHEAST NOW (Assamese)
Popular Stories

চেমুৱেলৰ বিস্ফোৰক স্বীকাৰোক্তি : ৰিয়া আৰু শৌভিকৰ নিৰ্দেশতে সুশান্তলৈ ড্ৰাগছৰ যোগান ধৰিছিল

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 5, 2020 2:40 pm
Sushant-Singh-Rajput

এক ৰহস্যঘন হলিউদী চিনেমাৰ দৰে সঘনে চিত্ৰপত সলনি হৈছে সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা ঘটনাৰ।

চিবিআই-এ তদন্তৰ দায়িত্বভাৰ লোৱাৰ পিছতে সুশান্ত হত্যাৰ সৈতে নিষিদ্ধ ড্ৰাগছ সৰবৰাহ তথা সংযোগৰ ধৰা পেলায়।

ইয়াৰ পিছতে নাৰকোটিক্স কণ্ট্ৰ’ল ব্যুৰ’ৰ(NCB)এ ড্ৰাগছৰ সৰবৰাহৰ অভিযোগত সুশান্তৰ প্ৰেয়সী ৰীয়া চক্ৰৱৰ্তীৰ ভাতৃ শৌভিক চক্ৰৱৰ্তী আৰু প্ৰাক্তন হাউছ মেনেজাৰ চেমুৱেল মিৰাণ্ডাক গ্ৰেপ্তাৰ কৰিছে।

NCBএ ধৃত দুয়োকে শনিবাৰে আদালতত হাজিৰ কৰোৱাইছে।

দুয়োজনকে গ্ৰেপ্তাৰ কৰাৰ পিছত চিকিৎসালয়লৈ নি স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছে। অৱশ্যে এই পৰীক্ষা মাদক দ্ৰব্য সম্পৰ্কিত পৰীক্ষা নহয় বুলি দাবী কৰি NCBএ বিষয়াসকলে এয়া কোভিড টেষ্ট বুলিহে জানিবলৈ দিয়ে।

সুশান্তৰ প্ৰাক্তন হাউছ মেনেজাৰ চেমুৱেল মিৰাণ্ডাই যোৱা শুকুৰবাৰে তদন্তকাৰী বিষয়াৰ আগত ড্ৰাগছ যোগানৰ কথা স্বীকাৰ কৰিছে বুলি জানিব পৰা গৈছে।

আনকি চেমুৱেলে তদন্তকাৰী বিষয়াৰ আগত ৰীয়া আৰু ভাতৃ শৌভিক চক্ৰৱৰ্তীৰ নিৰ্দেশত সুশান্তৰ বাবে নিষিদ্ধ ড্ৰাগছ যোগান ধৰা বুলি স্বীকাৰ কৰিছে।

চেমুৱেলছৰ এই স্বীকাৰোক্তিৰ ভিত্তিতে NCBএ শৌভিক চক্ৰৱৰ্তী আৰু চেমুৱেলছক গ্ৰেপ্তাৰ কৰিছে।

ইফালে খুব সোনকালে এই একেটা অভিযোগতে ৰীয়া চক্ৰৱৰ্তীকো NCBএ গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে।

NCBএ ইতিমধ্যে ৰীয়াৰ মোবাইল ফোনটো বাজেয়াপ্ত কৰি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

ইফালে NCBৰ এই তৎপৰতাত সন্তোষ প্ৰকাশ কৰিছে সুশান্ত সিং ৰাজপুতৰ ভগ্নী শ্বেতা সিং কীৰ্তিয়ে। নিজৰ টুইটাৰ একাউন্টত এক টুইট কৰি শ্বেতাই কয়, “ভাল কমা কৰিছে… ঈশ্বৰক ধন্যবাদ। খুব ভাল আৰম্ভণি NCBৰ।”