NORTHEAST NOW (Assamese)
দেশ

ঘোষণা কৰা হ’ল CBSC ৰ দশম শ্ৰেণীৰ ফলাফল : চাই লওক ফলাফল

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 12, 2023 6:03 pm
ঘোষণা কৰা হ’ল CBSC ৰ দশম শ্ৰেণীৰ ফলাফল : চাই লওক ফলাফল

দ্বাদশ শ্ৰেণীৰ পিছতেই শুক্ৰবাৰে বিয়লি ঘোষণা কৰা হ’ল CBSC ৰ দশম শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল।

এইবাৰ CBSC ৰ দশম শ্ৰেণীৰ উত্তীৰ্ণৰ শতকৰা হাৰ ৯৩.১২ শতাংশ। ত্ৰিবেন্দ্ৰমে ৯৯.৯১ শতাংশ, বেংগালুৰু ৯৯.১৮ শতাংশ, চেন্নাই ৯৯.১৪ শতাংশ, আজমেৰ ৯৭.২৭ শতাংশ আৰু পুনে ৯৬.৯২ শতাংশৰে সৰ্বোত্তম প্ৰদৰ্শন কৰা অঞ্চল হিচাপে স্থান লাভ কৰিছে।

ইফালে, চিবিএছইয়েও আজি দ্বাদশ শ্ৰেণীৰ ফলাফল প্ৰকাশ কৰে, য’ত সামগ্ৰিকভাৱে উত্তীৰ্ণৰ হাৰ ৮৭.৩৩ শতাংশলৈ হ্ৰাস পায়। যোৱা বছৰৰ দৰে এইবাৰো ত্ৰিবেন্দ্ৰমে ৯৯.৯১ শতাংশৰে শ্ৰেষ্ঠ জিলা হিচাপে আত্মপ্ৰকাশ কৰিছে, তাৰ পিছতে বেংগালুৰুৱে ৯৮.৬৪ শতাংশ আৰু চেন্নাইয়ে ৯৭.৪০ শতাংশ উৰ্ত্তীণ হাৰ লাভ কৰিছে। ৯৩.২৪ শতাংশ উৰ্ত্তীণৰ হাৰেৰে চতুৰ্থ স্থানত আছে পশ্চিম দিল্লী ।

আনহাতে গুৱাহাটীত ৭৬.০৯ শতাংশ ছাত্ৰ ছাত্ৰী উৰ্ত্তীণ হৈছে।

 

ফলাফল চাবলৈ তলত দিয়া লিংক দুটাত ক্লিক কৰক

লিংক ১

লিংক ২