NORTHEAST NOW (Assamese)
অসম

কলিয়াবৰৰ জখলাবন্ধাত চাওমিৰ নতুন বিপণন মুকলি

Posted by: ৰিদিপ শৰ্মা Updated by: ৰিদিপ শৰ্মা June 4, 2019 11:38 am
IMG-20190604-WA0008

কলিয়াবৰ মহকুমাৰ অন্যতম ব্যৱসায়িক প্ৰাণকেন্দ্ৰ জখলাবন্ধাত ৩ জুন অৰ্থাৎ সোমবাৰে জনপ্ৰিয় স্মাৰ্টফোন আৰু স্মাৰ্ট টিভিৰ লগতে অন্যান্য ইলেক্ট্ৰ’নিক সামগ্ৰীৰ বিক্ৰেতা চাওমিৰ প্ৰথমখন বিপণী মুকলি কৰা হয়।

এই বিপণী খনৰ শুভ উদ্বোধন কৰে জখলাবন্ধা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিপু কলিতা আৰু জখলাবন্ধা গাঁও পঞ্চায়তৰ সভানেত্ৰী তৃষাৰাণী শইকীয়াই।

উল্লেখযোগ্য যে বৃহত্তৰ কলিয়াবৰ এলেকাত মুকলি হোৱা চাওমিৰ এইখনেই প্ৰথম বিপণী। এই শুভ উদ্বোধনত বিপণীখনলৈ অহা প্ৰতিগৰাকী গ্ৰাহকক এখনি ফুলাম গামোচাৰে আদৰণি জনায় বিপণীখনৰ স্বত্ত্বাধিকাৰী সুৰজ গোস্বামী আৰু চন্দন গোস্বামীয়ে।

এই উপলক্ষে আয়োজিত উদ্বোধনী অনুষ্ঠানত কলিয়াবৰ বিজেপিৰ কাৰ্যকৰ্তা, সমাজকৰ্মী, সাংবাদিক চাওমি প্ৰতিষ্ঠানৰ উত্তৰ-পূবৰ মুখ্য সমন্বয়ক ৰূপাঞ্জী মুখাৰ্জীৰ লগতে অন্যান্য বিষয়ববীয়া সকলৰ লগতে বহু স্থানীয় ব্যক্তি উপস্থিত থাকে।