NORTHEAST NOW (Assamese)
অসম

মাজুলীৰ বিভিন্ন অঞ্চলত বনৰীয়া হাতীয়ে বিনষ্ট কৰিলে শ-শ বিঘা কৃষি ভূমি

Posted by: মিটু খাটনিয়াৰ June 11, 2018 11:38 am
Screenshot_20180611-110150

দেওবাৰে নিশা উজনি মাজুলী মথাউৰিৰ বাহিৰফালে ১৫০ জনীয়া এটা বৃহৎ হাতীৰ জাকে প্ৰৱেশ কৰি সমগ্ৰ অঞ্চলটোতে তাণ্ডৱ সৃষ্টি কৰে। নিশাৰ ভাগত বৃহৎ হাতীৰ জাকটোৱে চাপৰি, ধনাই চাপৰি, খৰা চাপৰি, লাচন চাপৰি, গেজেৰা আদি অঞ্চলত সোমাই বিস্তৰ অঞ্চলৰ আহু ধানৰ পথাৰ সমুহ এফালৰ পৰা খাই তহিলং কৰিছে ।

উল্লেখ্য যে এইদৰে প্ৰতিবছৰে এই সময়ছোৱাতে বনৰীয়া হাতীৰ জাকৰ আগমন ঘটে এই অঞ্চল সমুহলৈ । বান খহনীয়াই জুৰুলা কৰা অঞ্চলসমুহত দৰিদ্ৰ কৃষিজীৱি লোকসকলৰ বাবে এতিয়া সমস্যাৰ সৃষ্টি হৈ পৰিছে বনৰীয়া হাতী।

খাদ্য আৰু বাসস্থানৰ অভাৱত জনাঞ্চললৈ ওলাই অহা বৃহৎ হাতীৰ জাকটো খেদি পঠিয়াবলৈ দিনে ৰাতিয়ে মাজুলীৰ বন কৰ্মী সকলে চেষ্টা অব্যাহত ৰাখিছে যদিও ৰাতিৰ ভাগত প্ৰৱেশ কৰা বৃহৎ জাকটো দূৰলৈ খেদি পঠাবলৈ অসমৰ্থ হৈছে বনবিভাগ।

দিনৰ ভাগত ডাঠ হাবিত আশ্ৰয় লোৱা হাতীৰ জাকটো ৰাতি হ’লেই চাপৰিৰ গাঁও সমুহত প্ৰৱেশ কৰাৰ ফলত বনৰীয়া হাতী আৰু মানুহৰ মাজত সৃষ্টি হোৱা সংঘাটত উভয়পক্ষৰে বিস্তৰ ক্ষতি হৈছে ।

মন কৰিবলগীয়া যে ক্ৰমান্বয়ে বনাঞ্চল সংকোচিত হৈ অহাৰ ফলতেই ৰাজ্যৰ বিভিন্ন প্ৰান্তত ক্ৰমাৎ বনৰীয়া হাতীৰ উপদ্ৰৱ বৃদ্ধি পাইছে।