NORTHEAST NOW (Assamese)
অসম

বাক্সা জিলাৰ তামুলপুৰত পাষাণ পুত্ৰৰ হাতত প্ৰাণ গ’ল মাতৃৰ

Posted by: দীপক কুমাৰ পাঠক June 11, 2018 12:31 pm
মহিলা

বাক্সা জিলাৰ তামুলপুৰত দেওবাৰে নিশা সংঘটিত হয় এক লোমহৰ্ষক ঘটনা। নিজ বাসগৃহতে পুত্ৰৰ বৰ্বৰ অত্যাচাৰ তথা শাৰিৰীক আক্ৰমণত প্ৰাণ হেৰুৱাবলগীয়া হয় এগৰাকী দুৰ্ভগীয়া মাতৃয়ে।

উল্লেখ্য যে তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত পাথলিকুছি গাঁৱৰ বাসিন্দা প্ৰয়াত পবিন দাসৰ পুত্ৰ বীৰেন দাসে (৩৫) নিজ মাতৃ বিমলা দাসক(৬৫) প্ৰত্যেক দিনাই অকথ্যভাৱে মাৰ-ধৰ কৰাৰ লগতে বিভিন্ন ধৰণে অত্যাচাৰ কৰি আহিছিল। যাৰ ফলত বেয়াকৈ আঘাতপ্ৰাপ্ত হোৱা বিমলাৰ দেওবাৰে দেহাৱসান ঘটে।

স্থানীয় লোকে ঘটনা সন্দৰ্ভত তামুলপুৰ আৰক্ষীক খবৰ দিয়াত আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ বিমলা দাসৰ মৃতদেহ উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

ইফালে ঘটনা সংঘটিত কৰিয়েই নিজ ঘৰৰ পৰা পলাই যাবলৈ সক্ষম হয় অভিযুক্ত তথা হত্যাকাৰী পাষাণ পুত্ৰ বীৰেন দাস। ঘটনা সন্দৰ্ভত তামুলপুৰ আৰক্ষী থানাত বীৰেন দাসৰ ওপৰত এটা গোচৰ ৰুজু কৰি আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰখা বুলি জানিবলৈ দিয়ে।