NORTHEAST NOW (Assamese)
অসম

কোভিড-১৯ৰ ভেকচিন ওলাবই বুলি কোনোধৰণৰ নিশ্চয়তা নাই : বিশ্ব স্বাস্থ্য সংস্থা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 26, 2020 10:29 am
who-2_062320083514 new

বিশ্ব স্বাস্থ্য সংস্থাৰ অধ্যক্ষ টেড্ৰ’ছ আধন’মে বিজ্ঞানী সকলে ক’ৰ’না ভাইৰাছৰ প্ৰতিষেধক প্ৰস্তুত কৰি উলিয়াব পাৰিবই বুলি কোনোধৰণৰ নিশ্চয়তা নাই বুলি উল্লেখ কৰে।

ন’ভেল ক’ৰ’না ভাইৰাছে সৃষ্টি কৰা কোভিড-১৯ৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সফল ভেকচিন প্ৰস্তুত উলিওৱাৰ ক্ষেত্ৰত কোনোধৰণৰ নিশ্চয়তা নাই বুলিও অধ্যক্ষ গৰাকীয়ে কয়।

”ক’ৰ’না ভাইৰাছৰ বাবে আমাৰ কোনোধৰণৰ ভেকচিন নাই…..আশা কৰো এবছৰৰ ভিতৰত কিবা ভেকচিন ওলাব,” টেড্ৰ’ছে কয়।

আনহাতে, বিশ্ব স্বাস্থ্য সংস্থাৰ অধ্যক্ষ গৰাকীয়ে চলিত সপ্তাহৰ ভিতৰতে সমগ্ৰ বিশ্বত ক’ৰ’না আক্ৰান্ত লোকৰ সংখ্যাই ১ কোটিৰ সীমা অতিক্ৰম কৰিব বুলি উল্লেখ কৰে।

প্ৰতিদিনে বিশ্বত প্ৰায় এক লাখতকৈ অধিক লোক ক’ৰ’না আক্ৰান্ত হোৱা বাবে অধ্যক্ষ গৰাকীয়ে সমগ্ৰ বিশ্ব বৰ্তমান সময়ত জটিল পৰিস্থিতিৰ দিশে গতি কৰিছে বুলি উল্লেখ কৰি এইক্ষেত্ৰত সকলো দেশে একেলগে আগবাঢ়িব লাগিব বুলিও মত ব্যক্ত কৰে।

তদুপৰি, বিশ্ব  স্বাস্থ্য সংস্থাৰ প্ৰতি য়ুৰোপিয়ান দেশ জাৰ্মানী আৰু ফ্ৰান্সে দেখুওৱা সমৰ্থনক টেড্ৰ’ছে ধন্যবাদ জ্ঞাপন কৰে।