NORTHEAST NOW (Assamese)
অসম

দক্ষিণ এছিয়াত চীনৰ আগ্ৰাসন; বিশ্বত নিজৰ সৈন্য বাহিনীৰ স্থিতি পৰ্যালোচনা কৰিব আমেৰিকা যুক্তৰাষ্ট্ৰই

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 26, 2020 10:46 am

ভাৰতকে ধৰি দক্ষিণ এছিয়াৰ বিভিন্ন দেশ যেনে মালেছিয়া, ইণ্ডোনেছিয়া, ফিলিপাইনছ আদিৰ কাৰণে চীনে সৃষ্টি কৰা ভাবুকিক নিয়ন্ত্ৰণ কৰাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰই বিশ্বৰ বিভিন্ন প্ৰান্তত মোতায়েন কৰা নিজৰ সৈন্য বাহিনীৰ স্থিতি পৰ্যালোচনা কৰিব।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ চেক্ৰেটাৰী অফ ষ্টেট মাইক পম্পেয়োই বৃহস্পতিবাৰে এই কথা উল্লেখ কৰে।

ভাৰত-চীনৰ মাজত চলি থকা শেহতীয়া উত্তেজনা আৰু গলৱান উপত্যকাত চীনা সেনাৰ পৰিকল্পিত আক্ৰমণত ২০ গৰাকী ভাৰতীয় সেনা জোৱান চহিদ হোৱাৰ পাছতে আমেৰিকা যুক্তৰাষ্ট্ৰই এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

উল্লেখযোগ্য যে, ক’ৰ’না ভাইৰাছৰ সংক্ৰমণক কেন্দ্ৰ কৰি চীন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত থকা সম্পৰ্কৰ যথেষ্ট অৱনতি ঘটিছে।

সমগ্ৰ বিশ্বত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে প্ৰথমৰে পৰা চীনক দোষাৰোপ কৰি আহিছে।

শেহতীয়াভাৱে চীনে ভাৰতৰ ভূমি দখলৰ বাবে দেখুওৱা আগ্ৰাসী ৰূপকো আমেৰিকাই সমালোচনা কৰিছে।

আমেৰিকাই ইতিমধ্যে দক্ষিণ চীন মহাসাগৰত নিজৰ যুদ্ধ জাহাজ মোতায়েন কৰিছে।

এতিয়া চীনে যদিহে ভাৰতৰ সৈতে লাডাখত যুদ্ধত অৱতীৰ্ণ হয় তেতিয়া আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰাও সাগৰীয় পথেৰে প্ৰত্যাহ্বানৰ সন্মুখিন হ’বলগীয়া হ’ব পাৰে।

মাইক পম্পেয়োৰ মন্তব্যৰ পাছতে এইক্ষেত্ৰত স্পষ্ট ইংগিত দেখা গৈছে।