NORTHEAST NOW (Assamese)
অসম

এন আৰ চি প্ৰক্ৰিয়াত ভুৱা ভোটাৰ পৰিচয় পত্ৰ দাখিলৰ অভিযোগত এজনক গ্ৰেপ্তাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 4, 2019 10:32 am
Logo_of_NRC_Assam-1140x570-1024x512

এন আৰ চিত নাম অন্তৰ্ভুক্তিৰ বাবে ভুৱা ভোটাৰ পৰিচয় পত্ৰ দাখিল কৰা এজন লোকক মৰিগাঁও আৰক্ষীয়ে সোমবাৰে গ্ৰেপ্তাৰ কৰে। এন আৰ চি প্ৰক্ৰিয়াত নিজৰ নাম অন্তৰ্ভুক্তিৰ বাবে সমৰ্থিত নথি হিচাপে ভুৱা ভোটাৰ পৰিচয় পত্ৰ দাখিল কৰি গ্ৰেপ্তাৰ হোৱা লোকজনক জিয়াবুৰ ৰহমান বুলি চিনাক্ত কৰা হৈছে।

মৰিগাঁৱৰ জালুগুটি এন আৰ চি সেৱাকেন্দ্ৰত পৰীক্ষণ প্ৰক্ৰিয়াত এই ভুৱা ভোটাৰ পৰিচয় পত্ৰ দাখিলৰ ঘটনাটো সংঘটিত হয়।

সেৱা কেন্দ্ৰৰ বিষয়াই মিকিৰভিটা আৰক্ষী থানাত দাখিল কৰা অভিযোগৰ ভিত্তিত সোমবাৰে নাগালেণ্ডৰ ডিমাপুৰৰ পৰা জিয়াবুৰক গ্ৰেপ্তাৰ কৰা হয়।

আনহাতে, নগদ ধনৰ বিনিময়ত জিয়াবুৰক ভুৱা ভোটাৰ পৰিচয় পত্ৰ যোগান ধৰিছিল জনৈক হিবজুৰ নামৰ এজন লোকে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা জিয়াবুৰৰ  জেৰা অব্যাহত ৰাখিছে।

উল্লেখযোগ্য যে এন আৰ চিত নাম অন্তৰ্ভুক্তিৰ বাবে এনেদৰে ভুৱা ভোটাৰ পৰিচয় পত্ৰ দাখিলৰ এনে অনেক অভিযোগ উত্থাপিত হৈ আহিছে। ইয়াৰ বিপৰীতে বহু নিৰীহ ব্যক্তি এন আৰ চিৰ প্ৰক্ৰিয়াটোত হাৰাশাস্তিৰ সন্মুখীন হোৱাৰ অভিযোগো কম নহয়।