NORTHEAST NOW (Assamese)
অসম

আদালতক অৱজ্ঞা! : আদালতৰ নিষেধাজ্ঞাৰ পাছতো অনুষ্ঠিত হ’ল অগপ ৰ সাধাৰণ পৰিষদৰ বৈঠক

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া August 27, 2020 10:25 am
index.jpgaa

ন্যায়ালয়ৰ নিষেধাজ্ঞাৰ পাছতো অনুষ্ঠিত হ’ল অগপৰ সাধাৰণ পৰিষদৰ বৈঠক।

কালি কামৰূপ মহানগৰ চেচন আদালতে দিছিল নিষেধাজ্ঞা।

তাৰ পাছতো সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, সাধাৰণ সম্পাদক কমলা কলিতাৰ লগতে বৰা পন্থী অন্য নেতাৰ উপস্থিতিত আৰম্ভ হ’ল বৈঠক।

ৰহস্যজনক ভাবে অগপৰ বিদ্ৰোহী বিধায়ক তথা বিসম্বাদী জ্যেষ্ঠ নেতা বৃন্দাবন গোস্বামী উপস্থিত আছে সাধাৰণ পৰিষদৰ সভাত।

সাধাৰণ পৰিষদৰ সভাত উপস্থিত নাই প্ৰফুল্ল কুমাৰ মহন্ত।

মহানগৰ জিলা সমিতিৰ পুৰণা কমিটিৰ তিনিজন নেতাই গুৱাহাটী চেচন আদালতত তৰিছিল গোচৰ।

এই সাধাৰণ পৰিষদৰ বৈঠক অনুষ্ঠিত কৰিলে কোভিড প্ৰটোকল ভংগ হ’ব বুলি অভিযোগ আনিছিল তিনিও।

তাৰ পাছত এয়া কেৱল সংবাদ মাধ্যমত প্ৰকাশিত নিষেধাজ্ঞা বুলি মন্তব্য অগপৰ উচ্চ স্তৰীয় নেতৃত্বৰ।

তেওঁলোকৰ হাতত তেনে কোনো নিষেধাজ্ঞা আহি পৰাহি নাই বুলি সংবাদমাধ্যমৰ আগত মন্তব্য কৰে অগপৰ নেতৃত্বই।

ইপিনে, নেতৃত্বৰ সাল সলনি হ’ব বুলি চৰ্চিত হৈ আছে যদিও পূৰ্বৰ নেতৃত্ব থাকিব বুলি নৰ্থ ইষ্ট নাওৰ সাংবাদিকৰ আগত উল্লেখ কৰিছিল সাধাৰণ সম্পাদক কমলা কলিতাই।