NORTHEAST NOW (Assamese)
Popular Stories

সাৱধান! ৰন্ধন গেছৰ নাটনিত ভূগিব পাৰে অসম তথা উত্তৰ-পূবৰ গ্ৰাহক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 27, 2020 10:18 am

অসম তথা উত্তৰ-পূবত ৰন্ধন গেছৰ তীব্র নাটনি হোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে৷

ৰন্ধন গেছৰ চিলিণ্ডাৰ সৰবৰাহ নকৰাৰ সিদ্ধান্ত গ্রহণ কৰি উত্তৰ পূব এল পি জি পৰিৱহণ সংস্থাই অনির্দিষ্টকালীন ধর্মঘট ঘোষণা কৰিছে৷

ইণ্ডিয়ান অইল কর্প’ৰেশ্যনে থলুৱা-বিৰোধী নীতি গ্রহণ কৰাৰ প্রতিবাদত এই প্রতিবাদী কার্যসূচী গ্রহণ কৰা বুলি জানিব পৰা গৈছে।

ধর্মঘটৰ ফলত মির্জা, উত্তৰ গুৱাহাটী, বঙাইগাঁও, দুলীয়াজান, শিলচৰ, ডিমাপুৰ আৰু ত্রিপুৰাত থকা ৰন্ধন গেছৰ প্রকল্পসমূহ বন্ধ হৈ পৰিব৷

আই অ’ চি গুৱাহাটীৰ পৰিৱর্তে এইবাৰ কলকাতা কার্যালয়ৰ পৰা ৰন্ধন গেছ পৰিবহণৰ বাবে নিবিদা আহ্বান জনোৱা আৰু পূর্বতকৈ ২০ শতাংশ নিৰিখ হ্রাস কৰি স্থানীয় ব্যৱসায়ীক মাধমাৰ শোধোৱা কার্যৰ বিৰুদ্ধাচৰণ কৰি এই ধৰ্মঘটৰ কাৰ্যসূচী লৈছে সংস্থাই।

থলুৱা-বিৰোধী নীতি প্রত্যাহাৰ নকৰা পর্যন্ত এছ’চিয়েশ্যনে ধর্মঘট অব্যাহত ৰাখিব বুলি জনোৱাৰ লগতে অন্য গাড়ীৰে যদি গেছ সৰবৰাহ কৰে তেন্তে বাধা প্ৰদান কৰা হ’ব বুলিও জনায়।