NORTHEAST NOW (Assamese)
অসম

ঐতিহাসিক সিদ্ধান্ত: এতিয়াৰে পৰা নেছনেল ডিফেন্স একাডেমীত ভৰ্তি হ’ব পাৰিব যুৱতীসকলেও

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 8, 2021 5:28 pm
Now-women-

দেশত মহিলা সৱলীকৰণৰ বিষয়টোৱে বেছ গুৰুত্ব লাভ কৰাৰ সময়তে কেন্দ্ৰীয় চৰকাৰে আজি এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত ঘোষণা কৰে।

সেইমৰ্মে এতিয়াৰে পৰা নেছনেল ডিফেন্স একাডেমীত পুৰষৰ সমানেই মহিলাসকলেও ভৰ্তি হোৱাৰ সুযোগ লাভ কৰিব।

উল্লেখ্য সেনা বাহিনীত মহিলাৰ অংশগ্ৰহণ নিশ্চিত কৰিবলৈ দেশৰ উচ্চতম ন্যায়ালয়ে যোৱা বছৰৰ ফেব্ৰুৱাৰী মাহতে এক ৰায় দান কৰিছিল।

আজি কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ত এই বুলি জনায় যে এতিয়াৰে পৰা নেছনেল ডিফেন্স একাডেমীত  মহিলাসকলেও ভৰ্তি হোৱাৰ সুযোগ লাভ কৰিব।

আজি কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা অতিৰিক্ত ছলিচিটৰ জেনেৰেল ঐশ্বৰ্য ভাটিয়ে কেন্দ্ৰ এনে সিদ্ধান্তৰ কথা জনায়।

এই সম্পৰ্কীয় বিধি আদি প্ৰস্তুত কৰিবলৈ উচ্চতম ন্যায়ালয়ে আজি কেন্দ্ৰীয় চৰকাৰক ১০ দিনৰ সময় দিয়ে।

উল্লেখ্য ইয়াৰ পূৰ্বে মহিলাসকলে নেছনেল ডিফেন্স একাডেমীত নাম ভৰ্তি কৰাৰ কোনো সুযোগ পোৱা নাছিল।