NORTHEAST NOW (Assamese)
দেশ

চাঞ্চল্য: বাংলো বিক্ৰীত বাধা দিয়াৰ বাবেই অধিবক্তা পত্নীক হত্যা স্বামীৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 11, 2023 2:49 pm
Noida Lawyer Killed By Husband

এক চাঞ্চল্যকৰ হত্যাকাণ্ডই জোকাৰি গৈছে নয়ডা। এগৰাকী ব্যক্তিৰ বিৰুদ্ধে উত্থাপন হৈছে অধিবক্তা পত্নীক হত্যা কৰাৰ অভিযোগ।ব্যক্তিগৰাকীয়ে নয়ডাস্থিত তেওঁলোকৰ এটা বাংলো বিক্ৰীৰ ইচ্ছা কৰিলেও তেওঁৰ এই ইচ্ছাত বাধা দিয়াৰ বাবেই পত্নীক হত্যা কৰা বুলি অভিযোগ উঠিছে।

যোৱা শনিবাৰে উচ্চতম ন্যায়ালয়ৰ অধিবক্তা ৰেণু সিনহাৰ মৃতদেহ নয়ডা ছেক্টৰ ৩০ ত থকা তেওঁলোকৰ বাংলোৰ বাথৰুমত উদ্ধাৰ হয়। দম্পতীহালৰ পুত্ৰ বিদেশত থকাৰ বাবে বাংলোত আছিল কেৱল দুই স্বামী-স্ত্ৰী।

ইফালে দুদিন ধৰি অধিবক্তাগৰাকীলৈ কৰা ফোনকলৰ কোনো উত্তৰ নোহোৱাত অধিবক্তাগৰাকীৰ ভাতৃয়ে সন্দেহৱশত: আৰক্ষীক অৱগত কৰে। ইয়াৰ পিছতে স্থানীয় আৰক্ষী বাংলোত উপস্থিত হয় আৰু মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে।

লক্ষণীয়ভাৱে সেই সময়ত নিৰুদ্দেশ হৈ আছিল মহিলাগৰাকীৰ স্বামী। আৰক্ষীয়ে নিৰুদ্দিষ্ট ব্যক্তিগৰাকীৰ ফোনটো ট্ৰেক কৰে যদিও ফোন ট্ৰেকত তেওঁক শেহতীয়া স্থান তেওঁলোকৰ বাংলোতে দেখা পোৱা যায়।

অৱশেষত আৰক্ষীয়ে ৩৬ ঘণ্টাৰ অন্তত আজি গ্ৰেপ্তাৰ কৰে নীতিন নাথ সিনহা নামৰ এই ব্যক্তিগৰাকীক। ধৃত সিনহাক নিজ বাসভৱনৰে ষ্ট’ৰ ৰুমত লুকাই থকা অৱস্থাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

উল্লেখ্য যে, জ্যেষ্ঠ ভগ্নীৰ পৰা ফোনকলৰ সঁহাৰি লাভ নকৰাৰ পিছতে অধিবক্তাগৰাকীৰ ভাতৃয়ে সিনহাৰ বিৰুদ্ধে হত্যাৰ অভিযোগ উত্থাপন কৰিছিল।তেওঁৰ ভাষ্যৰ আধাৰত আৰক্ষীয়ে সদৰী কৰা মতে, দম্পতীহালৰ মাজত নিজৰ বাংলো বিক্ৰী কৰাক লৈ মতানৈক্যৰ সৃষ্টি হৈছিল।

প্ৰকাশিত খবৰ অনুসৰি, সিনহাই এই বাংলোটো বিক্ৰী কৰিব বিচাৰিছিল আৰু আনকি এজন ক্ৰেতাৰ পৰাও আগতীয়া ধনো লৈছিল। কিন্তু বাংলোটো বিক্ৰী কৰিবলৈ সাজু নাছিল তেওঁৰ অধিবক্তা পত্নী।

এই বিবাদৰ ফলত দম্পতীহালৰ মাজত সঘনাই কাজিয়া হৈছিল আৰু এনে কাজিয়াৰ ফলশ্ৰুতিতে সিনহাই তেওঁৰ পত্নীক হত্যা কৰা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে।