NORTHEAST NOW (Assamese)
অসম

মাৰ্ঘেৰিটা ইণ্ডিয়া ক্লাবত সৌন্দৰ্য প্ৰতিযোগিতা অনুষ্ঠিত

Posted by: মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা Updated by: মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা January 10, 2022 2:39 pm

মাৰ্ঘেৰিটা ইণ্ডিয়া ক্লাবত দেওবাৰে সন্ধিয়া অনুষ্ঠিত হয় চুকাফা চেতিয়াৰ উদ্যোগত North East Mr Handsome Hunk & Beuty Queen Fashion প্ৰতিযোগিতা ।

এই অনুষ্ঠানত অসমৰ বিভিন্ন জিলাৰ লগতে উত্তৰ পূৱৰ কেইবাখনো ৰাজ্যৰ পৰা অহা প্ৰতিযোগি সকলে অংশগ্ৰহণ কৰে।
অসমৰ জনপ্ৰিয় অভিনেত্ৰী ভ্ৰান্তি মেধী, নীৰৱমন শৰ্মা, প্ৰণীতা চুতীয়া সহ বহুকেইগৰাকী জনপ্ৰিয় ফেচন প্ৰতিযোগিতা সমূহৰ লগত জড়িত ব্যক্তি এই অনুষ্ঠানত উপস্থিত থাকে।

কভিড প্ৰৰ্টকল মানি অনুষ্ঠিত প্ৰথম বাৰৰ বাবে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত অনুষ্ঠিত এই প্ৰতিযোগিতাত ডেৰ শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে।

ভৱিষ্যতেও চুকাফা চেতিয়াই এনে ধৰণৰ সুন্দৰ ফেচন প্ৰতিযোগিতা অনুষ্ঠিত কৰিব বুলি সংবাদ মাধ্যমৰ আগত আশা ব্যক্ত কৰে।