NORTHEAST NOW (Assamese)
Popular Stories

প্ৰধানমন্ত্ৰীৰ নিৰাপত্তা উলংঘন: উচ্চতম ন্যায়ালয়ৰ দ্বাৰা নিযুক্ত পেনেলে কৰিব তদন্ত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 10, 2022 1:57 pm
Supreme Court on PM Security Breach

পঞ্জাৱ ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীৰ কনভয় কৃষক প্ৰতিবাদৰ বাবে পথৰ মাজতে আৱদ্ধ হৈ পৰাৰ পাছতে প্ৰধানমন্ত্ৰীৰ নিৰাপত্তা উলংঘনৰ অভিযোগ উত্থাপনৰ বিষয়ত তদন্ত সমিতি গঠন কৰিব উচ্চতম ন্যায়ালয়ে।

ৰাজ্যখনৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিষয়টোৱে ৰাজনৈতিক অৰিয়াঅৰিত পৰিণত হোৱাৰ পিছত উচ্চতম ন্যায়ালয়ে নিযুক্ত কৰা এখন উচ্চ পৰ্যায়ৰ সমিতিয়ে বিষয়টোৰ তদন্ত কৰিব। উচ্চতম ন্যায়ালয়ৰ এজন অৱসৰপ্ৰাপ্ত ন্যায়াধীশে এই সমিতিৰ নেতৃত্ব দিব।

উচ্চতম ন্যায়ালয়ে আজি বিজেপি শাসিত কেন্দ্ৰ আৰু পঞ্জাৱৰ কংগ্ৰেছ চৰকাৰক চলিত তদন্ত বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ে।

মুখ্য ন্যায়াধীশ এন ভি ৰমনা আৰু ন্যায়াধীশ সূৰ্য কান্ত আৰু হিমা কোহলীৰ বিচাৰপীঠে নতুন পেনেল সন্দৰ্ভত শীঘ্ৰেই বিতং নিৰ্দেশ জাৰি কৰা হ’ব বুলি উল্লেখ কৰে।

শুকুৰবাৰে ইয়াৰ পূৰ্বৰ শুনানিত আদালতে প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ ৰেকৰ্ড দাখিল কৰিবলৈ নিৰ্দেশ দিছিল।

উল্লেখ্য যে এই ঘটনাক কেন্দ্ৰ কৰি বিজেপি আৰু কংগ্ৰেছৰ মাজত তীব্ৰ বাকযুদ্ধ আৰম্ভ হয়। প্ৰধানমন্ত্ৰীৰ নিৰাপত্তা ৰক্ষাৰ বাবে চৰণজিৎ সিং চান্নী চৰকাৰক দোষাৰোপ কৰি বিজেপিয়ে কংগ্ৰেছৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰীক হত্যা কৰাৰ ষড়যন্ত্ৰ কৰা বুলি অভিযোগ কৰে।

আনহাতে ইয়াৰ প্ৰত্যুত্তৰত কংগ্ৰেছে কয় যে শেষ মুহূৰ্তত প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ পৰিকল্পনা সলনি কৰা হৈছিল। দলটোৱে বিজেপিক প্ৰধানমন্ত্ৰীয়ে সম্বোধন কৰিবলগা ৰেলীত কম সংখ্যক লোকৰ উপস্থিতিৰ ব্যৰ্থতা ঢাকিবলৈ নিৰাপত্তাৰ ত্ৰুটিৰ দোহাই দিয়া বুলি অভিযোগ কৰে।