NORTHEAST NOW (Assamese)
অসম

অসমীয়া শিকিব নোৱাৰা বুলি ভানুক সমালোচনা পীযুষ হাজৰিকাৰ

Posted by: এন ই নাও নিউজ March 27, 2019 4:58 pm
Pijush Hazarika

তেজপুৰ সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী এম জি ভি কে ভানুৱে বিজেপিক কৰাৰ সমালোচনাৰ প্ৰত্যুত্তৰ দিছে পীযুষ হাজৰিকাই। সমষ্টিটোৰ বিজেপিৰ প্ৰাৰ্থী পল্লৱ লোচন দাসক সমালোচনা কৰা ভানুৱে অসমত ৩৭ বছৰ ধৰি প্ৰশাসনিক বিষয়া হৈ থকাৰ পাছতো কিয় অসমীয়া শিকিব নোৱাৰিলে বুলি প্ৰশ্ন কৰে পীযুষে।

আনহাতে, বৰ্তমান অসম প্ৰেম দেখুওৱা ভানুই নিজৰ জীয়েকৰ বিয়াত ডিমা হাছাওৰ পৰা দুই ট্ৰাক বাঁহো কাটি নিছিল বুলি সমালোচনা কৰাৰ লগতে কন্যাৰ বিবাহ অনুষ্ঠান অসমত নপতাৰ বাবেও কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীক কটাক্ষ কৰে হাজৰিকাই।

উল্লেখযোগ্য যে, নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰি অসমলৈ বাংলাদেশী আনিব বিছৰা সকল মোক চালানী বুলি কয় বুলি ভানুৱে পূৰ্বতে বিজেপিক কঠোৰ সমালোচনা কৰিছিল। ভানুৰ সমালোচনাৰ প্ৰত্যুত্তৰ দিবলৈ গৈ পিযুষ হাজৰিকাই কংগ্ৰেছ আৰু এ আই য়ু ডি এফৰ মিত্ৰতাকো চোঁকা সমালোচনা কৰে।

বৰ্তমান তেজপুৰ সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থীজন আৰু বিজেপিৰ নেতাসকলৰ মাজত চলি থকা বাক যুদ্ধখন আকৰ্ষণীয় পৰ্য্যায়ত উপনীত হৈছে। সমষ্টিটোত এপ্ৰিলৰ ১১ তাৰিখে নিৰ্বাচন অনুষ্ঠিত হ’ব।