NORTHEAST NOW (Assamese)
দেশ

বিশিষ্ট সাংবাদিক বিনোদ দুৱাৰৰ স্বাস্থ্য সংকটনক, ICU ত ভৰ্তি

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 29, 2021 9:10 pm
Vinod Dua

প্ৰবীণ সাংবাদিক বিনোদ দুৱাৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক আৰু তেওঁ বৰ্তমান আইচিইউত চিকিৎসাধীন হৈ আছে। সাংবাদিক গৰাকীৰ কন্যা মল্লিকা দুৱাই আজি সামাজিক মাধ্যম যোগে এই কথা সদৰী কৰিছে।উল্লেখ্য যে এই বৰ্ষৰ আৰম্ভণিতে ক’ভিদত আক্ৰান্ত হোৱাৰ পিছত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

দূৰদৰ্শন আৰু আগশাৰীৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যম NDTV ৰ সৈতে জড়িত ৬৭ বছৰীয়া সাংবাদিকগৰাকীয়ে জুন মাহত কোভিডৰ সৈতে দীৰ্ঘদিনীয়া যুঁজৰ পিছত তেওঁৰ পত্নী পদ্মাৱতী চিন্না দুৱাক হেৰুৱায়।

ক’ভিদৰ দ্বিতীয় ঢৌৰ সময়তে বিনোদ দুৱা আৰু তেওঁৰ পত্নী গুৰগাওঁৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল। সাংবাদিকজনৰ স্বাস্থ্য তেতিয়াৰ পৰাই ভগ্নপ্ৰায় হৈ পৰিছিল।

আনহাতে সাংবাদিক গৰাকীৰ মৃত্যু হোৱা বুলি ভুৱা বাতৰি প্ৰচাৰ হোৱাৰ পিছতে মল্লিকা দুৱাই এনে বাতৰি প্ৰচাৰ নকৰিবলৈ আহ্বান জনাইছে।

ইনষ্টাগ্ৰামত মল্লিকা দুৱাই লিখে, “মোৰ দেউতাৰ মৃত্যুৰ বিষয়ে উৰাবাতৰি প্ৰচাৰ নকৰিবলৈ সকলোকে অনুৰোধ জনাইছো। তেওঁ আইচিইউত আছে। এতিয়াও যুঁজ দি আছে। ফলাফল যিয়েই নহওঁক, তেওঁক তেওঁৰ মৰ্যাদা থাকিবলৈ দিয়ক। অনুগ্ৰহ কৰি ভুল তথ্য বিশ্বাস তথা প্ৰচাৰ নকৰিব। মই তেওঁৰ বিষয়ে সকলো বাতৰি জনাই থাকিম।”