NORTHEAST NOW (Assamese)
অসম

লেখাপানী অবৈধ কুণ্ডা সৰবৰাহ কৰা হাতীসহ মাউতক আটক

Posted by: মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা Updated by: মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা November 29, 2021 9:02 pm

অসমৰ মূল্যৱান গছ কাটি অৰুণাচলৰ বিভিন্ন কাঠফলা মিললৈ সৰবৰাহ কৰি অহাৰ তথ্য বিভিন্ন মাধ্যমত প্ৰকাশ পাই আহিছে ।

এনে সময়তে আজি ডিগবৈ বন সংমণ্ডলৰ অধীনৰ মাৰ্ঘেৰিটা মহকুমাৰ লেখাপানী আঞ্চলিক বন বিষয়া কাৰ্য্যালয়ৰ অন্তৰ্গত টিৰাপ সংৰক্ষিত বনাঞ্চলত লেখাপানী বন বিভাগ আৰু আৰক্ষীয়ে অবৈধ কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান চলায়।

এই অভিযান কালত অবৈধ ভাৱে চোৰাং কুণ্ডা কঢ়িয়াই থকা অৱস্থাত এজনী মাইকী হাতী আৰু হাতীৰ মাউতক আটক কৰি লেখাপানী বন বিভাগৰ কাৰ্যালয়লৈ লৈ আনে।

হাতী জনীৰ নাম শান্তি বুলি জানিব পৰা গৈছে।

মাউতজনে জানিবলৈ দিয়া অনুসৰি হাতীজনী অৰুণাচলৰ প্ৰদেশৰ।

ইতিমধ্যেই বন বিভাগে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰাৰ লগতে হাতী আৰু মাউতক লেখাপানী বন বিভাগত আটক কৰি ৰাখিছে।

উল্লেখ্য যে লেখাপানী বন বিভাগৰ অন্তৰ্গত বিভিন্ন সংৰক্ষিত বনাঞ্চলৰ মূল্যবান গছ ধ্বংস কৰি দীৰ্ঘদিন ধৰি অবৈধ ভাৱে অৰুণাচললৈ সৰবৰাহ কৰি থকা হৈছে।

অৰুণাচলৰ নথিপত্ৰ প্ৰৰ্দশন কৰি অসমৰ বিভিন্ন স্থানলৈ একাংশ অসাধুচক্ৰই কাঠৰ ৰমৰমীয়া বেহা অব্যাহত ৰাখিছে যদিও এইক্ষেত্ৰত বন বিভাগে কোনোধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে।