NORTHEAST NOW (Assamese)
Popular Stories

সন্তান দত্তক লোৱাৰ প্ৰক্ৰিয়াটো জটিল আৰু হতাশাজনক! আইন পৰিৱৰ্তনৰ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 15, 2025 7:31 pm

ভাৰতত শিশু দত্তক লোৱাৰ বাবে বৰ্তমানৰ আইনখন সৰল কৰাৰ পৰামৰ্শ  আগবঢ়াইছেউচ্চতম ন্যায়ালয়ে। এই আইনখন অত্যধিক জটিল আৰু দত্তক লব বিচৰা পিতৃ-মাতৃৰ বাবে হতাশাজনক বুলি উল্লেখ কৰিছে উচ্চতম ন্যায়ালয়ে। বুধবাৰে আদালতে কয় যে এই প্ৰক্ৰিয়াটো সহজ কৰি তোলাৰ প্ৰয়োজন যাতে নিঃসন্তান দম্পতীয়ে অবৈধভাৱে দত্তক লবলৈ চেষ্টা নকৰে। আদালতৰ মতামত যে সৰল ব্যৱস্থাই অধিক লোকক আইনী উপায়েৰে সন্তান দত্তক লবলৈ উৎসাহিত কৰিব।

দেশত শিশু সৰবৰাহৰ বিষয়ত শুনানি গ্ৰহণ কৰি ন্যায়াধীশ বি ভি নাগাৰত্ন আৰু কে ভি বিশ্বনাথনৰ বিচাৰপীঠে এই মন্তব্য কৰে। তেওঁলোকে কয় যে দত্তক লোৱা প্ৰক্ৰিয়া সম্পূৰ্ণ হবলৈ বহু সময় লাগে বাবে মানুহে অবৈধভাৱে সন্তান দত্তক লবলৈ চেষ্টা কৰে। আদালতে কয় যে এহাল দম্পতীৰ সন্তান নথকাটো এতিয়াও সামাজিক কলংক। কিন্তু যেতিয়া তেওঁলোকে গ্ৰহণ কৰিবলৈ চেষ্টা কৰে তেতিয়া জটিল প্ৰক্ৰিয়াটোৰ বাবে সমস্যাৰ সন্মুখীন হয়।

২০২৫-২৬ চনত ৩১ মাৰ্চলৈকে দত্তক লোৱাৰ সংখ্যাই ৪৫০০ অতিক্ৰম কৰিছে, যিটো যোৱা ১১ বছৰৰ ভিতৰত সৰ্বাধিক। ভাৰতত পিতৃ-মাতৃয়ে এটা সন্তান দত্তক লবলৈ গড়ে সাড়ে তিনি বছৰ অপেক্ষা কৰিবলগীয়া হয়। কিন্তু দত্তক লবলৈ আগ্ৰহী বহু অভিভাৱকৰ বাবে এই প্ৰক্ৰিয়াটো এক প্ৰত্যাহ্বান হৈয়েই আছে। নৱজাতক আৰু সৰু লৰা-ছোৱালীক দত্তক লোৱাৰ বাবে গড় অপেক্ষাৰ সময় সাড়ে তিনি বছৰ। কেন্দ্ৰীয় দত্তক সম্পদ কৰ্তৃপক্ষৰ ডেচবৰ্ড অনুসৰি বৰ্তমান বিভিন্ন শ্ৰেণীৰ অধীনত দত্তক লোৱাৰ বাবে পঞ্জীয়ন কৰা ৩৬,৬১৬ জনতকৈ অধিক সম্ভাৱ্য পিতৃ-মাতৃ আছে, আনহাতে মাত্ৰ ২,৭৫৬ টা শিশুহে দত্তক লোৱাৰ বাবে উপলব্ধ।

উচ্চতম ন্যায়ালয়ে কয় যে বৰ্তমান শিশু দত্তক লোৱাৰ প্ৰক্ৰিয়াটোৱে বহু সময় লৈছে। পিতৃ-মাতৃয়ে সন্তান বিচাৰে, কিন্তু জটিল প্ৰক্ৰিয়াটো তেওঁলোকৰ বাবে হতাশাজনক হৈ পৰিছে। এই পলমটো শেহতীয়াকৈ সমাপ্ত হোৱা আন এটা গোচৰতো প্ৰতিফলিত হৈছে। এই ক্ষেত্ৰত তেলেংগানাৰ চাৰিজন পিতৃ-মাতৃয়ে আইন পালন নকৰাকৈয়ে সন্তান দত্তক লৈছিল। আৱেদনকাৰীসকলে গম পালে যে সন্তানকেইটাৰ জৈৱিক পিতৃ-মাতৃয়ে তেওঁলোকক ৰাখিব নিবিচাৰে। ইয়াৰ পিছতে আৱেদনকাৰীয়ে কৰ্তৃপক্ষক অৱগত নকৰাকৈয়ে শিশুসকলৰ দায়িত্ব ললে। পিছত আৰক্ষীয়ে শিশুকেইটাক নিজৰ জিম্মাত লৈ পিছত শিশু কল্যাণ প্ৰকল্প আৰু সংহত শিশু সুৰক্ষা সেৱাৰ সঞ্চালকক গতাই দিয়ে।

পিছত আদালতে সংবিধানৰ ১৪২ অনুচ্ছেদৰ অধীনত বিশেষ ক্ষমতা প্ৰয়োগ কৰি কেইমাহমানৰ পৰা তিনিবছৰৰ ভিতৰত থকা শিশুকেইটাক দত্তক পিতৃ-মাতৃৰ ওচৰলৈ ঘূৰাই পঠোৱাৰ নিৰ্দেশ দিয়ে।