NORTHEAST NOW (Assamese)
অসম

প্ৰতিবন্ধী লোক সকলক ভোট দিয়াৰ নামত প্ৰতাৰণা বিজেপি চৰকাৰৰ

Posted by: জাহ্নৱী বৰুৱা Updated by: জাহ্নৱী বৰুৱা March 27, 2021 2:44 pm
a proti

শনিবাৰে দিছ্পুৰ প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সংবাদমেলত নিৰ্বাচনত প্ৰতিবন্ধী সকলৰ ভোটাধিকাৰ সম্পৰ্কে নিৰ্বাচন আয়োগৰ ভূমিকাৰ ওপৰত প্ৰশ্ন কৰে প্ৰতিবন্ধী সুৰক্ষা সংস্থাই।

প্ৰশ্ন উত্থাপন কৰি প্ৰতিবন্ধী সুৰক্ষা সংস্থাৰ সম্পাদক নৃপেন মালাকাৰে কয় ” কেন্দ্ৰীয় চৰকাৰে কথা দিয়া মতে প্ৰতিবন্ধী লোকসকল আৰু বয়সীয়াল লোকৰ ঘৰত গৈ চৰকাৰী বিষয়া সকলে গাওঁবুঢ়া সহায়ত পোষ্টাল বেলতৰ দ্বাৰা ভোট সংগ্ৰহ কৰা কথা আছিল।

আমাৰ ৯লাখ ভোটাৰ থকাৰ পাছতো মাত্ৰ ১লাখ ৩০ হাজাৰ ব্যক্তিয়েহে ভোট দান কৰা দেখা পোৱা গৈছে।”

“প্ৰতিবন্ধী লোকসকলৰ দাবী সমূহ মানি লব নোৱাৰাৰ স্বাৰ্থত তেওঁলোকক ভোট দিয়াৰ পৰা বঞ্চিত কৰা হৈছে নেকি? মুখ্য নিৰ্বাচনী বিষয়াক অৱগত কৰাৰ পাছতো কোনো ধৰণৰ গুৰুত্ব দিয়া দেখা পোৱা নগ’ল।

সেয়েহে নিৰ্বাচনী বিষয়সকললৈ অনুৰোধ যাতে তেওঁলোকে এই কথাত গুৰুত্ব প্ৰদান কৰে অন্যথা আমি নিৰ্বাচনৰ সময়তে বেলেগ ধৰণৰ কাৰ্য্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হৈ পৰিম।” নিৰ্বাচনী বিষয়ক উদ্দেশ্যি নৃপেন মালাকাৰে কয় ।