NORTHEAST NOW (Assamese)
অসম

বৰপেটাৰ বাটগাঁৱত শোকাৱহ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন পথচাৰী

Posted by: এন ই নাও নিউজ March 18, 2019 7:51 am
Accident-750x375-1-1

দেওবাৰে সন্ধিয়া বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত বাটগাঁৱত সংঘটিত এক বাইক দুৰ্ঘটনাত এজন পথচাৰী থিতাতে নিহত হয়। আনহাতে, দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় আন দুজন লোক।

দুৰ্ঘটনাটোত নিহত লোকজনক বাটগাঁৱৰ নয়াপাৰাৰ প্ৰয়াত নৰেন্দ্ৰ তালুকদাৰৰ পুত্ৰ মৃণাল তালুকদাৰ(৪০) বুলি চিনাক্ত কৰা হৈছে।

ঘটনাৰ বিৱৰণী মতে, বৰপেটাৰ পিনৰ পৰা চেঙালৈ আহি থকা দ্ৰুতবেগী পালচাৰ বাইকৰ খুন্দাত পথচাৰী মৃণাল তালুকদাৰ থিতাতে নিহত হয়। ইয়াৰ লগতে দুৰ্ঘটনাটোত বাইক আৰোহী জাহাংগীৰ আলম(৩০) আৰু ইমদাদুল আলী(১৬) গুৰুতৰভাৱে আহত হয়।

দুৰ্ঘটনাটো সংঘটিত কৰা পালচাৰ বাইকখনৰ নম্বৰ হৈছে এ এছ-১৫ এন ৬৭১৭।

গুৰুতৰভাৱে আহত দুয়োজনকে সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতললৈ প্ৰেৰণ কৰা হয়। দুৰ্ঘটনাটোত নিহত পথচাৰী মৃণাল তালুকদাৰৰ মৃতদেহটো বৰ্তমান তাৰাবাৰী আৰক্ষী থানাত ৰখা হৈছে।

বৰপেটাৰ পৰা চেঙা হৈ গুৱাহাটী পথত যান বাহনৰ চলাচলত কৰ্তৃপক্ষৰ নিয়ন্ত্ৰণৰ অভাৱত সঘনাই পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে।