NORTHEAST NOW (Assamese)
অসম

দুৰ্বৃত্তই অপহৰণ কৰিলে তামোল ভৰ্তি মিনি ট্ৰাক : পৰিত্যক্ত অৱস্থাত উদ্ধাৰ খালী ট্ৰাকখন

Posted by: বিদ্যুত জ্যোতি বৰা March 18, 2019 6:55 am
643a045a-20fd-45cd-9560-b023fedabf77

নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত সোনাৰিবালিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত দেওবাৰে এখন চুৰি টাটা মোবাইল গাড়ী পৰিত্যক্ত অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰে।

ঘটনা সন্দৰ্ভত জানিব পৰা মতে দেওবাৰে পুৱাৰে পৰা সোনাৰিবালিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এ এছ ০১ চি চি – ৪৪৯৫ নম্বৰৰ এখন টাটা মোবাইল গাড়ী পৰিত্যক্ত অৱস্থাত আছিল যদিও সন্ধিয়া সময়লৈকে গাড়ীখন পৰি থকাত স্থানীয় একাংশ লোকে চামগুৰি আৰক্ষী থানাত খবৰ দিয়ে।

পৰবৰ্তী সময়ত আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ মিনি ট্ৰাকখন উদ্ধাৰ কৰি চামগুৰি থানালৈ লৈ আনে।

আনহাতে, আৰক্ষীৰ সুত্ৰই প্ৰকাশ কৰাৰ মতে তেজপুৰ বালিপাৰাৰ পৰা শনিবাৰে উক্ত টাটা মোবাইল গাড়ীখনত তামোলৰ বস্তা ভৰ্তি কৰি ব্যৱসায়ী তথা চুৰি গাড়ীখনৰ মালিক জুৰিয়া আৰক্ষী থানাৰ অন্তৰ্গত সোনাই পাৰাৰ নিবাসী ফইজ উদিন আৰু পুত্ৰ তথা গাড়ীখনৰ চালক গুলজাৰ হুছেইনে জুৰিয়া লৈ আহিছিল।

কিন্তু শনিবাৰে নিশা তামোল ভৰ্তি ট্ৰাকখন লাইলুৰি পাওতেই চাৰিজনীয়া গাড়ী হাইজেক দলে বাপেক পুতেকক মাৰপিট কৰি গাড়ীখনলৈ উধাও হয়। পিছত দুধৰ্ষ দলটোৱে নিশাই গাড়ীৰ পৰা তামোলৰ বস্তাবোৰ নমাই চুৰি গাড়ীখন সোনাৰিবালিৰ পথৰ কাষত ৰাখি থৈ উধাও হয়।

এই ঘটনাই চামগুৰিত ডকাইত, চোৰৰ উৎপাত বৃদ্ধি পাব বুলি সাধাৰণ জনতাই ধাৰণা কৰিছে। ইপিনে দুধৰ্ষ হাইজেক দলটোক কৰায়ত্ব কৰিবলৈ আমবাগান আৰক্ষীয়ে তীব্ৰ অভিযান অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।