NORTHEAST NOW (Assamese)
অসম

ৰাজ্যৰ ১ লাখ ১৮ হাজাৰ ৰন্ধন কৰ্মীলৈ সুখবৰ কঢ়িয়াই আনিছে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া October 13, 2020 1:29 pm
WhatsApp Image 2020-10-13 at 1.09.39 PM

পূজাৰ বতৰতে মধ্যাহ্ন ভোজন আঁচনিৰ অধীনত কৰ্মৰত ৰান্ধনী সহায়িকা সকলক ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ৫০০ টকাকৈ প্ৰতিমাহে দিয়াৰ ব্যৱস্থা কৰিছে।

মঙলবাৰে সংবাদমেলত এই কথা জনায় শিক্ষামন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

তেওঁ জনোৱা অনুসৰি চলিত বৰ্ষৰ এপ্ৰিল মাহৰ পৰা কাৰ্যকৰী হোৱাকৈ এই ধন লাভ কৰিব ৰান্ধনী সহায়িকাই।

পূজাৰ সময়ত তেওঁলোকে একেলগে এপ্ৰিলৰ পৰা চেপ্টেম্বৰলৈকে ৩০০০ টকা লাভ কৰিব।

উল্লেখযোগ্য যে, ভাৰত চৰকাৰৰ ফালৰ পৰা ১০০০ টকা মাহেকীয়া মজুৰি লাভ কৰি আহিছিল ৰান্ধনী সহায়িকাই।

এই আঁচনিৰ বাবদ বাজেটত ৬০ কোটি টকা ধৰা হৈছে যদিও ইতিমধ্যে ৩৪ কোটি ২০ লাখ টকা অনুমোদন জনোৱা হৈছে বুলি মন্ত্ৰীয়ে জনায়।

পূজাৰ আগে আগে এই ধন ৰান্ধনী সহায়িকাৰ বেংক একাউন্টত সোমাব বুলি মন্ত্ৰীয়ে জনায়।