NORTHEAST NOW (Assamese)
অসম

কেনেদৰে পালন কৰিব দুৰ্গা পূজা? মন্ত্রী হিমন্তই বান্ধি দিলে কেতবোৰ নিয়ম

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া October 13, 2020 12:51 pm
index

সমাগত শাৰদীয় দুৰ্গোৎসব। ক’ৰ’ণা মহামাৰীৰ বাবে পূৰ্বৰ দৰে এইবাৰ দুৰ্গা পূজাত উৎসাহ উদ্দীপনা নাথাকিব যদিও দুৰ্গা পূজা পতাত কোনো বাধা নিদিয়ে ৰাজ্য চৰকাৰে ।

জনতা ভৱনত সম্বোধন কৰা এক সংবাদমেলত এই কথা জনায় স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

সংবাদমেলত তেওঁ কয়, “প্ৰশাসনৰ অনুমতি লৈ অনুষ্ঠিত কৰিব পাৰিব পূজা। বন্ধ পেণ্ডেলত নহয় খোলা পেণ্ডেল হব লাগিব পূজা ।

ইপিনে, মাস্ক আৰু ছেনিটাইজাৰ ব্যৱহাৰ বাধ্যতামূলক বুলি উল্লেখ কৰি তেওঁ লগতে কয়,”দুৰ্গা পূজাৰ পুৰোহিত, স্বেচ্ছাসেৱক,পূজা কমিটিৰ সকলো বিষয়ববীয়াই পঞ্চমীত কোভিড টেষ্ট কৰিব লাগিব।

তদুপৰি, প্ৰতিমা বিসৰ্জনৰ পিছত দ্বিতীয়টো কোভিড টেষ্ট কৰা বাধ্যতামূলক বুলি তেওঁ সংবাদমেলত জনায়।”

নিশা ১০ বজাৰ পিছত বন্ধ কৰিব লাগিব পূজা মণ্ডপ।

ইপিনে, পূজাৰ দিনকেইটাত মটৰচাইকেলত দুজন পুৰুষ আৰোহী উঠাত বাধা  আৰোপ কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে।

তেওঁ আৰু কয়, “পূজাৰ লগত সংগতি ৰাখি সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰিব নোৱাৰিব কিন্তু আৰতি অনুষ্ঠান উদযাপন কৰিব পাৰিব ।”

পেণ্ডেলত বা প্ৰতিমাৰ সন্মুখত একে সময়তে ৫০ জনতকৈ অধিক লোক সমবেত হ’ব নোৱাৰিব বুলিও তেওঁ উল্লেখ কৰে।

ইয়াৰোপৰি তেওঁ জনোৱা অনুসৰি, হোটেল নাইবা ৰেষ্টুৰেণ্টসমূহ নিশা ৯ বজাত বন্ধ কৰিব লাগিব ।

বিসৰ্জনৰ সময়ত দেবী প্ৰতিমাৰ সৈতে কোনোধৰণৰ সমদল বাহিৰ কৰিব নোৱাৰিব।

ঠায়ে ঠায়ে দুই তিনি দিনলৈ  জিলা বা মহকুমা প্ৰশাসনে বিসৰ্জনৰ ব্যৱস্থা কৰিব বুলিও তেওঁ উল্লেখ কৰে।