NORTHEAST NOW (Assamese)
অসম

পল্টন বজাৰ ৰে’ল ষ্টেছনত উঠিল টকাৰ উজান

Posted by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী Updated by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী February 15, 2022 2:47 pm

ৰেল’ৱে আৰক্ষীৰ অভিযানত জব্দ ১ কোটি ৪৮ লাখ ৩০ হাজাৰ ৬০০ টকা।

ৰেল’ৱে আৰক্ষীৰ অভিযানত পুৱা জব্দ হৈছিল টকাখিনি ।

তিনিজন যুৱকে তিনিটা বেগত লৈ আনিছিল টকাখিনি।

টকাখিনি সোমবাৰে অৰুণাচলৰ পৰা অভিষেক শৰ্মা নামৰ লোকজনে লৈ আনিছিল বুলি জানিব পৰা গৈছে।

বাকী দুজন ব্যক্তিয়ে পূৰ্বৰে পৰা পল্টন বজাৰৰ হোটেলত বাস কৰি আছিল।

টকাখিনি কিয় কাক দিবলৈ ক’ৰ পৰা কেনেদৰে আনিছিল প্ৰকৃত তথ্য জানিব পৰা হোৱা নাই।

আৰক্ষীৰ আগত মুখ খোলা নাই আটক কৰা লোককেইজনে।

তিনিওজনৰ বিৰুদ্ধে GRP 20/2022 নম্বৰত ভাৰতীয় দণ্ড বিধিৰ 120B/417/420/379/34 নম্বৰত ৰুজু হৈছে গোচৰ।
আদালতত হাজিৰ কৰা হ’ব তিনিওজন ব্যক্তিকে।

আটক হোৱা লোককেইজন হৈছে উত্তৰ প্ৰদেশৰ অভিষেক শৰ্মা, উমেশ চান্দ শৰ্মা আৰু নতুন দিল্লীৰ পৱন কুমাৰ।