NORTHEAST NOW (Assamese)
Popular Stories

মাটিৰ গাথা! তিনি দশকৰ পিছত ভাহি উঠিল পানীত ডুবি নিচিহ্ন হোৱা এখন গাঁও

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 15, 2022 2:36 pm
images

পানীত ডুবি নিচিহ্ন হৈ পৰিছিল স্পেইনৰ এখন গাঁও। ত্ৰিশ বছৰৰ পিছত পুনৰ ভাহি উঠিল সেই গাঁওখন। কিন্তু ভয়ংকৰ খৰাঙৰ বাবে ভাহি উঠা এই মৃত গাঁওখনে কেবল কঢ়িয়াই আনিলে যেন এক ‘জীৱন্ত ফছিল’ৰ সাধুহে।

তথাপি, স্থানীয় লোকৰ বাবে ‘তেজৰ ধমনীত ইয়াৰ উশাহ’ বোওৱাৰ হেঁপাহ উথলি উঠিছে। তেওঁলোকক নিজৰ প্ৰিয় সেই আপোন গাঁৱখনৰ স্মৃতিয়ে কাতৰ কৰি তুলিছে। সেইদৰে, পৰ্যটকৰ বাবেও আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিছে গাওঁখন।

লগতে পঢ়ক: মাজুলী বিধানসভা উপ নিৰ্বাচনত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী হ’ব চিত্তৰঞ্জন বসুমতাৰী

স্পেইন আৰু পৰ্তুগালৰ সীমান্তৰ এই গাঁৱখনৰ নাম হৈছে একেৰেড’ (Aceredo)। ১৯৯২চনত চৰকাৰী প্ৰশাসনে লিমা নদীত নিৰ্মাণ কৰা বান্ধৰ ফলত নৈপৰীয়া একেৰেড’ গাঁৱখন লাহে লাহে পানীৰ তলত ডুবি যায়।

গাঁৱখনৰ বাসিন্দাসকলে গাওঁখন এৰি যাবলৈ বাধ্য হয়। কোনেও ভবা নাছিল গাঁওৱখন এদিন আকো এনেদৰে উঠি আহিব।

দৰাচলতে ইউৰোপত গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত বিগত কেইবছৰত স্পেইনত তাপমাত্ৰাই ভীষণ ৰূপ লয়। উত্তৰ-পশ্চিম স্পেইন অঞ্চল খৰাঙৰ কবলত পৰে। এই জলবায়ু পৰিৱৰ্তনে বিস্ময় কঢ়িয়াই আনিলে।

FLFSnmeWYAA88KV

নদী শুকুৱাই যোৱাৰ ফলত ভাহি উঠিল ত্ৰিশ বছৰ পূৰ্বে হেৰাই যোৱা  সেই গাঁৱখন। ছাদ বিহীন ভাহি পৰা ঘৰ, ওখোৰা মোখৰা ৰাস্তা, ভঙা ইটাৰ টুকুৰা তথা ভগ্ন কাঠৰ টুকুৰাবোৰ স্পষ্ট হহৈ উঠি আহিছে।

স্থানীয় এক বাসিন্দাই কয় যে এয়া যেন এক চলচ্চিত্ৰৰ কাহিনী। এসময়ৰ এই সেউজ গাঁৱখনৰ স্মৃতিৰ মাজত গাঁৱবাসীয়ে নিমজ্জিত হৈ পৰিছে।

লগতে পঢ়ক: নাইজেৰিয়ান কোকেইন সৰবৰাহকাৰীৰে কি সম্পৰ্ক অসমৰ মাৰোৱাৰী ব্যৱসায়ীৰ?

স্পেইনৰ ১০শতাংশ অঞ্চলক খৰাং অধ্যুষিত হিচাপে চৰকাৰে ঘোষণা কৰিছে। তাৰ মাজত একেৰেড’ গাঁৱখনো আছে। ইতিমধ্যে ছচিয়েল মিডিয়াত একেৰেড’ৰ ছবি ভাইৰেল হৈ পৰিছে।