NORTHEAST NOW (Assamese)
অসম

জামিন পালে শিৱসাগৰৰ বিতুপন চাংমায়ে: ফেচবুকত দিয়া কমেন্টৰ বাবে খাটিলে তিনি মাহৰ কাৰাবাস

Posted by: পার্শ্বজোতি গগৈ, শিৱসাগৰ Updated by: পার্শ্বজোতি গগৈ, শিৱসাগৰ August 18, 2022 6:27 pm
Sivasagar Bitupan Changmai

প্ৰায় তিনিমাহৰ অন্তত আজি মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত হ’ল শিৱসাগৰৰ বিতুপন চাংমাইৰ। তিনিমাহ কাৰাগাৰত কটোৱাৰ পিছত আজি জামিন লাভ কৰিলে বিতুপনে।

শিৱসাগৰ জিলা সত্ৰ ন্যায়াধীশ আদালতে আজি ৰাষ্ট্ৰদ্ৰোহ গোচৰত কাৰাবন্দী হৈ থকা বিতুপন চাংমাইৰ জামিন মঞ্জুৰ কৰে।

আদালতে জামিন আবেদন গ্ৰহণ কৰাৰ পিছত অহা ২০ আগষ্টত কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ আহিব বিতুপন।

উল্লেখ্য যে সামাজিক মাধ্যমত কবিতা লিখি কাৰাবন্দী হোৱা বৰ্ষাশ্ৰীৰ ফেচবুক পোষ্টত কমেন্ট কৰাৰ বাবে প্ৰায় তিনি মাহৰ পূ্ৰ্বে আমগুৰি আৰক্ষীয়ে ঘৰৰ পৰা উঠাই আনিছিল বিতুপন চাংমাইক।

পৰৱৰ্তী সময়ত বিতুপনক আমগুৰি থানাত ৰুজু হোৱা ৫৩/২০২২ নম্বৰ গোচৰৰ আধাৰত গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছিল।

ফেচবুকত কমেন্ট কৰিয়েই সুদীৰ্ঘ তিনিমাহ বন্দিত্বৰ জীৱন কটোৱাৰ অন্তত আজি জামিন লাভ কৰে বিতুপনে।

বিতুপনৰ ঘৰ শিৱসাগৰ জিলাৰ আমগুৰি থানাৰ অন্তৰ্গত বালিপথাৰত।