NORTHEAST NOW (Assamese)
অসম

ৰূপহীহাটত গ্ৰেনেড আৰু হস্ত নিৰ্মিত পিষ্টল উদ্ধাৰ

Posted by: ৰিদীপ শৰ্মা, কলিয়াবৰ Updated by: ৰিদীপ শৰ্মা, কলিয়াবৰ August 18, 2022 6:31 pm

নগাঁও জিলাৰ ৰূপহীহাটত গ্ৰেনেড আৰু হস্ত নিৰ্মিত পিষ্টল উদ্ধাৰ হৈছে।

ৰূপহীহাটৰ সোণাই নৈৰ দলঙৰ তলৰ পৰা উদ্ধাৰ গ্ৰেনেড আৰু এটা হস্ত নিৰ্মিত পিষ্টল উদ্ধাৰ হৈছে।

ৰূপহীহাট নতুন বজাৰস্থিত দলঙৰ তলৰ পৰা উদ্ধাৰ হৈছে গ্ৰেনেড আৰু হস্ত নিৰ্মিত পিষ্টলটো।

আব্দুল ফাৰুক নামৰ যুৱকজনে বটল বুটলিব যোৱাত পলিথিনৰ ভিতৰত মেৰিয়াই থকা অৱস্থাত দেখা পায় সামগ্ৰীখিনি।

ৰূপহীহাট আৰক্ষী থানাত জমা দিয়া হৈছে উদ্ধাৰ হোৱা গ্ৰেণেড বোমা আৰু হস্তনিৰ্মিত পিষ্টল।

ঘটনা সন্দৰ্ভত ৰূপহীহাট আৰক্ষীয়ে এক তদন্ত আৰম্ভ কৰিছে।