NORTHEAST NOW (Assamese)
Popular Stories

ম্যানমাৰৰ ইতিহাসৰ ক’লা দিন : শনিবাৰে জুণ্টা প্ৰশাসনে গুলীয়াই হত্যা কৰিলে ৫০ নিৰস্ত্ৰ প্ৰতিবাদকাৰীক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 27, 2021 3:11 pm
index

শনিবাৰৰ দিনটো যেন ম্যানমাৰৰ ইতিহাসৰ বাবে প্ৰকৃতাৰ্থতে এটা শনি লগা দিন।

ম্যানমাৰৰ ইতিহাসৰ এই ক’লা দিনটোতে দক্ষিণ পূৱ এছিয়াৰ পাহাৰীয়া দেশখনৰ সামৰিক প্ৰশাসনে গণতন্ত্ৰকামী প্ৰায় ৫০ গৰাকী নিৰস্ত্ৰ প্ৰতিবাদকাৰীক হত্যা কৰিছে।

জুণ্টাই দেশখনৰ জনতা আৰু গণতন্ত্ৰক সুৰক্ষা দিব বুলি ঘোষণা কৰাৰ পিছতেই ম্যানমাৰৰ সামৰিক শাসকৰ সেনাই দেশখনৰ বিভন্ন চহৰত এই হত্যা লীলা সংঘটিত কৰিছে।

উল্লেখ্য যে অলপতে ৩২০ গৰাকী নিৰপৰাধী প্ৰতিবাদকাৰীক হত্যা কৰাৰ পিছত দেশখনৰ সামৰিক জেনেৰেলসকলে সামৰিক দিৱস উদযাপন কৰিছিল আৰু ইয়াৰ পিছতেই ম্যানমাৰৰ বিভিন্ন চহৰ ৫০ জনকৈ প্ৰতিবাদকাৰীক হত্যা কৰা বুলি প্ৰকাশ পাইছে সংবাদ মাধ্যমত।

আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থাসমূহৰ মতে য়াংগুণৰ দালা আৰক্ষী থানাৰ সন্মুখত নিৰস্ত্ৰ প্ৰতিবাদকাৰীৰ ওপৰত মুক্তভাৱে সেনাই গুলীচালনা কৰি অতি কমেও চাৰিজন প্ৰতিবাদকাৰীক হত্যা কৰিছে।

ইফালে সংবাদ সংস্থা ৰয়টাৰৰ মতে ইনছেইন জিলাৰ ২১ বছৰ অনুৰ্ধৰ ফুটবল দলৰ তিনিগৰাকী সদস্যক সেনাই গুলীয়াই হত্যা কৰিছে। ফুটবল দলটোৱে গণতন্ত্ৰকামী সমদলত অংশগ্ৰহণ কৰিছিল।

স্থানীয় সংবাদ পত্ৰ ম্যানমাৰ নাওৰ মতে মাণ্ডালয়ৰ বিভিন্ন প্ৰান্তত ম্যানমাৰ সেনাই অতি কমেও ১৩ গৰাকী প্ৰতিবাদকাৰীক গুলীয়াই হত্যা কৰিছে।

ইফালে সামাজিক মাধ্যমত এক ভিডিঅ’ ভাইৰেল হৈছে য’ত চহৰৰ জনশূন্য পথেদি মটৰচাইকেলেৰে গৈ থকা দুগৰাকী পথাচাৰীক সেনাবাহিনীৰ এখন বাহনৰ পৰা সেনাই গুলীচালনা কৰিছে আৰু তৎক্ষণাতে গুলীবিদ্ধ দুয়োগৰাকী লোকক মাটিত ঢলি পৰিছে।

ম্যানমাৰ নাওৰ দাবী যে দেশখনৰ বিভিন্ন প্ৰান্তত শনিবাৰৰ দিনটোত সেনাই অতি কমেও ৫০ গৰাকী প্ৰতিবাদকাৰীক হত্যা কৰিছে।

ইফালে অন্য এক বিশেষ সূত্ৰ অনুসৰি পাহাৰীয়া দেশখনৰ দালাত ৮, লেছহিঅ’ত ৪, মাণ্ডালয়ত ৪, পথেইনত ৩, মেইখটিলাত ৩, ইনছেইনত ৪, ডিকেইঅ’ত ২, ক্যাউকপাডুঙত ৩ আৰু পেনৱেকন, হোপেন, ৱামটুইন, ক্যিকেপহটো, মন্যো, হপেড’, শ্বেব’, ছাগেইং, প্যিনোলুইনস পুইন’ফ্যিউ ন্যাউং আৰু জাৱেইত এগৰাকীকৈ নিৰস্ত্ৰ প্ৰতিবাদকাৰীক ম্যানমাৰ সেনাই গুলীয়াই হত্যা কৰিছে।