NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

ইউক্ৰেনৰ পৰা মাত্ৰ ২০ কিলোমিটাৰ দূৰত্বত ৰাছিয়ান সৈন্য: ছেটেলাইট ছবিক লৈ চাঞ্চল্য

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 23, 2022 12:56 pm

ৰাছিয়াৰ ইউক্ৰেন আক্ৰমণৰ আশংকাৰ মাজতে প্ৰকাশ পোৱা কিছু ছেটেলাইট ছবিয়ে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

প্ৰকাশিত ছবিবোৰে ইউক্ৰেইন সীমান্তৰ ওচৰৰ অঞ্চলসমূহত ৰাছিয়াৰ সামৰিক বাহিনীৰ নতুনকৈ সঞ্চালন দেখিবলৈ পোৱা গৈছে।

উল্লেখ্য যে মঙ্গলবাৰে ৰাছিয়াৰ সংসদত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক ইউক্ৰেইনৰ বিচ্ছিন্নতাবাদী সকলক সমৰ্থন কৰিবলৈ দেশৰ বাহিৰত সেনা ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়াৰ বাবে ভোটদান কৰা হৈছিল।

ইয়াৰ পাছতে মেক্সাৰে সংগ্ৰহ কৰা ছবিবোৰত দক্ষিণ বেলাৰুছ আৰু ইউক্ৰেইনৰ সীমান্তৰ ওচৰৰ পশ্চিম ৰাছিয়াৰ একাধিক স্থানত অতিৰিক্ত সেনা চলাচল কৰা দেখা গৈছে।

দক্ষিণ বেলাৰুছৰ মজিৰৰ ওচৰৰ এটা সৰু বিমানক্ষেত্ৰত ১০০ খনতকৈও অধিক বাহন আৰু সৈন্যৰ তম্বু পৰিলক্ষিত হৈছে। বিমানক্ষেত্ৰখন ইউক্ৰেইন সীমান্তৰ পৰা ৪০ কিলোমিটাৰতকৈও কম দূৰত্বত অৱস্থিত।

এই ছবিসমূহ প্ৰকাশ পোৱাৰ পিছতে পশ্চিম ৰাছিয়াৰ পোচেপৰ ওচৰত অতিৰিক্ত সৈন্য নিযুক্তিৰ বাবে এটা বৃহৎ এলেকা পৰিষ্কাৰ কৰা হৈছে বুলি সন্দেহ কৰা হৈছে।

আনহাতে বেলগোৰোডৰ পশ্চিম উপকণ্ঠত এটা সামৰিক গেৰিছনত এখন নতুন চিকিৎসালয় স্থাপন কৰা হৈছে।

ইউক্ৰেইন সীমান্তৰ পৰা ২০ কিলোমিটাৰতকৈও কম দূৰত্বত বেলগোৰোডৰ দক্ষিণ-পশ্চিমে থকা গ্ৰাম্য অঞ্চলত নতুন সৈন্য বাহিনী আৰু সঁজুলি মোতায়েন কৰা হৈছে।

ইউক্ৰেইন সীমান্তৰ পূবে প্ৰায় ৪০ কিলোমিটাৰ দূৰত্বত টেংক, আৰ্টিলাৰী আৰু গধুৰ সঁজুলি পৰিবহনৰ বাবে ব্যৱহাৰ কৰা গধুৰ সঁজুলি পৰিবহনকাৰী বাহনৰ উপস্থিতি দেখিবলৈ পোৱা গৈছে।

ৰাছিয়াই শেহতীয়াকৈ ইউক্ৰেইনৰ সীমাৰ ওচৰত ১,৫০,০০০ তকৈও অধিক সৈন্য মজুত ৰাখিছে বুলি আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু পশ্চিমীয়া মিত্ৰশক্তিয়ে সন্দেহ প্ৰকাশ কৰিছে।

আনহাতে ৰাছিয়াৰ আসন্ন ইউক্ৰেন আক্ৰমণৰ প্ৰতিক্ৰিয়াস্বৰুপে আমেৰিকা যুক্তৰাষ্ট্ৰকে ধৰি কেইবাখনো দেশে ৰাছিয়াৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে। আমেৰিকাই পূৱ ইউৰোপৰ নাটো সদস্য ৰাষ্ট্ৰসমূহলৈও নিজৰ সৈন্য প্ৰেৰণ কৰিছে।

অৱশ্যে আমেৰিকা তথা নাটোৰ সতৰ্কবাণীৰ পৰিৱৰ্তে ৰাছিয়াই ইউক্ৰেন আক্ৰমণৰ সম্ভাৱনা অস্বীকাৰ কৰিছে যদিও ইউক্ৰেইনে কেতিয়াও নাটোত যোগদান নকৰিব আৰু পশ্চিমীয়া মিত্ৰজোঁটে পূৱ ইউৰোপৰ পৰা বাহিনী আঁতৰ কৰিব বুলি নিশ্চয়তা বিচাৰিছে।