NORTHEAST NOW (Assamese)
অসম

‘পলম নকৰিবা, সোনকালে ঘৰলৈ ঘূৰি আহা’, ইউক্ৰেইনত অধ্যয়নৰত ভাৰতীয় ছাত্ৰক আহ্বান বৈদেশিক দপ্তৰৰ

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী February 23, 2022 2:02 pm

ইউক্ৰেইনত এতিয়া যুদ্ধৰ পৰিবেশ। কোন মুহূৰ্তত ক’ত, কেতিয়া বোমা ফুটে তাৰ কোনো নিশ্চয়তা নোহোৱা হৈ পৰিছে।
এনে পৰিস্থিতিত ভাৰতৰ বৈদেশিক দপ্তৰে ইউক্ৰেইনত অধ্যয়ন কৰি থকা ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলক শীঘ্ৰে দেশলৈ উভতি অহাৰ আহ্বান জনাইছে ।

শিক্ষাৰ্থীসকলক তেওঁলোকৰ সুৰক্ষাৰ স্বাৰ্থত ইউক্ৰেইন এৰি যাবলৈ পৰামৰ্শ দিয়া হৈছে বুলি নিৰ্দেশনাটোত কোৱা হৈছে।
কিয়েভত থকা ভাৰতীয় দূতাবাসে কৈছে যে ইউক্ৰেইনৰ পৰিস্থিতি অত্যন্ত ভয়াৱহ হৈ পৰিছে। গতিকে শিক্ষাৰ্থীসকলে শীৰ্ঘ্ৰে ঘৰলৈ উভতি আহিব লাগে।

ইউক্ৰেইনত থকা ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলক নিজৰ দেশলৈ ওভতাই আনিবলৈ ২৫ ফেব্ৰুৱাৰীৰ পৰা ৬ মাৰ্চৰ ভিতৰত মুঠ চাৰিখন বিমানে ভাৰতৰ পৰা ইউক্ৰেইনলৈ উৰা মাৰিব।

এয়াৰ আৰৱ, ফ্লাই ডুবাই, কাটাৰ এয়াৰৱেজ আদি বিমান পৰিবহন সংস্থাই ভাৰতীয় শিক্ষাৰ্থীসকলক সহায় কৰিবলৈ বিমান সেৱা অব্যাহত ৰাখিব বুলি ভাৰতৰ বৈদেশিক দপ্তৰে প্ৰকাশ কৰিছে।