NORTHEAST NOW (Assamese)
Popular Stories

একেটা পৰিয়ালৰে চাৰিজনক হত্যা! : পানী টেংকিৰ পৰা উদ্ধাৰ মৃতদেহ, সংকটজনক এটি ১১ বছৰীয়া শিশু

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 22, 2020 2:38 pm
index

এটা পানী টেংকিৰ পৰা একেটা পৰিয়ালৰ চাৰিজনকৈ লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। লগতে আৰক্ষীয়ে ১১ বছৰীয়া আগাতপ্ৰাপ্ত এটি শিশুক অতি সংকটজনক অৱস্থাত উদ্ধাৰ কৰিছে।

সমগ্ৰ ঘটনাটোৱে দেশৰ এখন ৰাজ্যত সৃষ্টি কৰিছে চাঞ্চল্যৰ।

হতাকাণ্ডটো সংঘটিত হৈছে ছত্তিশগড়ৰ দুৰ্গ জিলাৰ এখন গাঁৱত।

সোমবাৰে সংবাদ মাধ্যমৰ আগত আৰক্ষীয়ে প্ৰকাশ কৰা ঘটনাৰ বিৱৰণী অনুসৰি পুৱা জিলাখনৰ অম্লেশ্বৰ আৰক্ষী থানাৰ অন্তৰ্গত খুদমুড়া গাঁৱৰ বলৰাজ শংকৰ(৬০), তেওঁৰ পত্নী দুলাৰীণ বাই(৫৫), পুত্ৰ ৰোহিত(৩০) আৰু বোৱাৰীয়েক কিৰ্টিনৰ মৃতদেহ এটা পানী টেংকিৰ পৰা উদ্ধাৰ কৰা হৈছে।

ইফালে শংকৰৰ ১১ বছৰীয়া আঘাতপ্ৰাপ্ত নাতিয়েকক সংকটজনক অৱস্থাত উদ্ধাৰ কৰি ৰায়পুৰৰ এখন চিকিৎসালয় ভৰ্তি কৰোৱা হৈছে বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে।

“গধুৰ বস্তুৰে হেঁচা মাৰি থোৱা অৱস্থাত এটা পানী টেংকিৰ পৰা চাৰিওটা মৃতদেহ উদ্ধাৰ কৰা হৈছে। ঘটনাটো মাজৰাতি সংঘটিত হোৱা বুলি ধাৰণা কৰা হৈছে।” চাব ডিভিজনেল আৰক্ষী বিষয়া আকাশ ৰাওৱে সাংবাদিকৰ আগত কয়।

ইতিমধ্যে আৰক্ষীয়ে হত্যাকাণ্ডটোৰ তদন্ত আৰম্ভ কৰিছে। আৰক্ষীয়ে প্ৰকাশ কৰিছে যে শিশুটি সমগ্ৰ হত্যাকাণ্ডটোৰ প্ৰত্যক্ষদৰ্শী আছিল আৰু তেওঁ সুস্থ হোৱাৰ পিছত হত্যাকাণ্ডটোৰ সমস্ত ঘটনাক্ৰম পোহৰলৈ আহিব।

অৱ্শ্যে এতিয়াও ১১ বছৰীয়া শিশুটিয়ে সংজ্ঞা ঘূৰাই পোৱা নাই বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে।

ইফালে পৰিয়ালটোৰ গাঁৱৰ কোনো লোকৰ সৈতে শত্ৰুতা নাছিল বুলি প্ৰকাশ কৰিছে গঞাই। পৰিয়ালটো এখন কৃষি ফাৰ্মত কৰ্মৰত আছিল আৰু তাতে তেওঁলোক জুপুৰি সাজি বাস কৰিছিল বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে।

“আমি ঘটনাৰ অনুসন্ধান আৰম্ভ কৰিছো। প্ৰাথমিক অনুসন্ধানত কিছু ক্লু লাভ কৰিছো। আমি সকলো সম্ভাৱ্য দিশৰ পৰাই হত্যাকাণ্ডটোৰ অনুসন্ধান আৰম্ভ কৰিছো।” আৰক্ষী বিষয়া ৰাওৱে কয়।