NORTHEAST NOW (Assamese)
অসম

নতুন ক’ৰ’না ভাইৰাছ প্ৰতিৰোধত ফাইজাৰৰ ভেকচিনে কাম কৰিবনে! কি ক’লে ইউৰোপিয়ান মেডিচিন এজেঞ্চিয়ে?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 22, 2020 3:00 pm

ইউৰোপিয়ান মেডিচিন এজেঞ্চিয়ে ইউৰোপত ফাইজাৰ-বায়োটেকৰ ক’ৰ’না ভাইৰাছৰ ভেকচিন প্ৰদান কৰাৰ অনুমোদন দিয়াৰ পাছত ইংলেণ্ডত আবিৰ্ভাৱ হোৱা নতুন ক’ৰ’না ভাইৰাছ সম্পৰ্কত মত ব্যক্ত কৰিছে।

ইউৰোপিয়ান মেডিচিন এজেঞ্চিয়ে ইউৰোপত নতুনকৈ আবিৰ্ভাৱ হোৱা ক’ৰ’না ভাইৰাছৰ সম্পৰ্কত মত প্ৰকাশ কৰি কয় যে বৰ্তমানলৈ ফাইজাৰৰ ভেকচিনে নতুন ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে কাম নকৰাৰ কোনোধৰণৰ তথ্য-প্ৰমাণ নায়।

ব্ৰিটেইনত ক’ৰ’না ভাইৰাছৰ নতুন ৰূপৰ উপস্থিতি ধৰা পৰিছে আৰু এই নতুন ক’ৰ’না ভাইৰাছ পূৰ্বৰ ভাইৰাছতকৈ ৭০ শতাংশ দ্ৰুত সংক্ৰমণশীল।

অৱশ্যে বিশ্ব স্বাস্থ্য সংস্থাৰ তৰফৰ পৰা ব্ৰিটেইনত ধৰা পৰা নতুন ক’ৰ’না ভাইৰাছক লৈ কোনোধৰণৰ ভয় কৰাৰ প্ৰয়োজন নাই বুলি উল্লেখ কৰাৰ লগতে ইয়াক নিয়ন্ত্ৰণৰ বাবে পূৰ্বৰ পদ্ধতি সমূহ অৱলম্বন কৰিলেই হ’ব বুলি উল্লেখ কৰে।

ইপিনে, বৰ্তমানলৈ নতুন ক’ৰ’না ভাইৰাছক লৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱা নাই বুলিও বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰিছে।