NORTHEAST NOW (Assamese)
অসম

বন বিভাগৰ ৰাইনো টাস্ক ফৰ্চত স্থানীয় প্ৰাৰ্থীক বঞ্চিত কৰাৰ বিৰুদ্ধে কাজিৰঙাত প্ৰতিবাদ

Posted by: উত্তম শইকীয়া February 10, 2018 4:43 pm
Protest held at Kaziranga

কাজিৰঙা আৰু ইয়াৰ কাষৰীয় পাচঁখন জিলাক সামৰি বনবিভাগে গঠন কৰিব বিচৰা ৰাইনো টাস্ক ফৰ্চৰ নিৰ্বাচনী প্ৰক্ৰিয়াত স্থানীয় যুৱক-যুৱতী সকলক বঞ্চিত কৰাৰ অভিযোগ তুলি আজি কাজিৰঙাৰ কহঁৰাত বিভিন্ন জাতীয় দল সংগঠন তথা স্থানীয় লোকে মিলি প্ৰতিবাদ সাব্যস্ত কৰে ৷

উল্লেখযোগ্য যে বনমন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মই বিগত সময়ত কাজিৰঙাত উপস্থিত হৈ গঁড় সুৰক্ষাৰ স্বাৰ্থত কাজিৰঙাৰ স্থানীয় তথা দাঁতিকাষৰীয়া নিবনুৱা যুৱক-যুৱতীক লৈ  ৰাইনো টাস্ক ফৰ্চ  নামৰ এক বাহিনী গঠন কৰা হ’ব বুলি ৰাজহুৱা প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ৷

এই উদ্দেশ্যে যোৱা বছৰৰ নবেম্বৰৰ ৭ তাৰিখৰ পৰা চলিত বৰ্ষৰ ৬ জানুৱাৰী লৈকে বোকাখাতৰ ৰাজহুৱা খেল পথাৰত শাৰিৰীক পৰীক্ষাও অনুষ্ঠিত কৰা হৈছিল ৷

কিন্তু শৰীৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছতো স্থানীয় এজনো প্ৰাৰ্থীক লিখিত পৰীক্ষাত বহাৰ অনুমতি প্ৰদান কৰা নাই বুলি বন বিভাগৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে স্থানীয় বিভিন্ন জাতীয় দল সংগঠনে ৷

শাৰীৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱা স্থানীয় প্ৰাৰ্থীক এইদৰে  লিখিত পৰীক্ষাৰ পৰা বঞ্চিত কৰাৰ প্ৰতিবাদত আজি কাজিৰঙাৰ বন বিভাগৰ কাৰ্য্যালয়ত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে আছু, আটছা, আটাছু , অসম জাতীয়তাবাদী যুৱ ছাত্ৰ কে ধৰি বিভিন্ন দল সংগঠনৰ লগতে স্থানীয় ৰাইজে ৷

কাজিৰঙাক লৈ ৰাজনীতি নচলিব , বনমন্ত্ৰী হুচিঁয়াৰ , বন বিভাগৰ ময়মতালী নচলিব, বন বিভাগ হাঁয় হাঁয় আদি শ্ল’গানেৰে প্ৰতিবাদকাৰী সকলে কাৰ্যালয় চৌহদ উত্তাল কৰি তোলে ৷

প্ৰতিবাদী দল সংগঠন সমূহে বনবিভাগৰ এনে কাৰ্য্যক সমালোচনা কৰি অতি শীঘ্ৰে এই বাচনি তালিকা পুনৰ বিবেচনা কৰিবলৈ দাবী জনায়, অন্যথা পৰৱৰ্তী সময়ত আৰু অধিক প্ৰতিবাদী কাৰ্য্যসূচী গঢ়ি তোলাৰ হব বুলিও ঘোষণা কৰে ৷