NORTHEAST NOW (Assamese)
অসম

মিজোৰামত মুঠ কোভিড সংক্ৰমিত ব্যক্তিৰ সংখ্যা ৪১৩৩ গৰাকীলৈ বৃদ্ধি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 22, 2020 3:17 pm
মিজোৰামত মুঠ কোভিড সংক্ৰমিত ব্যক্তিৰ সংখ্যা ৪১৩৩ গৰাকীলৈ বৃদ্ধি

মিজোৰামত নতুনকৈ ৯ গৰাকী ব্যক্তি কোভিড প’জিটিভ হৈছে। ইয়াৰ ফলত ৰাজ্যখনত মুঠ কোভিড সংক্ৰমিত ব্যক্তিৰ সংখ্যা ৪১৩৩ গৰাকীলৈ বৃদ্ধি পায়।

মিজোৰামত মুঠ কোভিড প’জিটিভ হোৱা ৪১৩৩ গৰাকী ব্যক্তিৰ ভিতৰত ১৫৩ গৰাকী সক্ৰিয় হৈ আছে।

মিজোৰামৰ ৪১৩৩ গৰাকী কোভিড আক্ৰান্ত হোৱা ব্যক্তিৰ ভিতৰত ৩০৪১ গৰাকী পুৰুষ আৰু ১০৯২ গৰাকী মহিলা।

শেহতীয়াভাৱে ৰাজ্যখনত কোভিড প’জিটিভ হোৱা ৯ গৰাকী ব্যক্তিৰ ভিতৰত তিনিগৰাকী আৰটি-পি চি আৰ পৰীক্ষাত আৰু ছয়গৰাকী ৰেপিড এণ্টিজেন পৰীক্ষাত চিনাক্ত হৈছে।

সৌভাগ্যৱশত মিজোৰামত বিগত ২৪ ঘণ্টাত কোনো ব্যক্তিৰ কোভিডৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱা নায়।

মিজোৰামত বৰ্তমানলৈ কোভিডৰ সংক্ৰমণৰ ফলত সাত গৰাকী ব্যক্তিৰ মৃত্যু হৈছে।

মিজোৰামৰ ভিতৰত আইজলত সৰ্বাধিক সংখ্যক ৬৮ গৰাকী সক্ৰিয় কোভিড ৰোগী থকাৰ বিপৰীতে লুংলেইত ৩৬ গৰাকী লাৱাংলাইত ২৬ গৰাকী, কোলাচিবত ৯ গৰাকী, চাৰ্ছিপত ৭ গৰাকী, চাম্ফাইত ৪ গৰাকী, চাইতুৱেলত ২ গৰাকী আৰু নাথিয়ালত এগৰাকী সক্ৰিয় কোভিড ৰোগী আছে।