NORTHEAST NOW (Assamese)
অসম

নেপালত অনুষ্ঠিত কাৰাটে প্ৰতিযোগিতাত বিশ্বনাথৰ কাৰাটে দলৰ সুনাম অৰ্জন

Posted by: কাজি জেইদুল ইছলাম May 15, 2018 4:38 pm
Karate Competition

নেপালৰ কাঠমাণ্ডু চহৰত ১৩ মে’ ত সমাপ্তি ঘটা  আন্তঃৰাষ্ট্ৰীয় ওৱাড ৰি’অ কাৰাটে প্ৰতিযোগিতাত বিশ্বনাথৰ চেম্পিয়েনচ মেকাৰ একাডেমী (Biswanath Champions Maker Academy)ৰ চাৰিজন খেলুৱৈৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে।

পদক লাভ কৰা খেলুৱৈ কেইজন ক্ৰমে জুনিয়ৰ ৫৫ কেজী শাখাত চনম লামাৰ সোনৰ পদক, জুনিয়ৰ ৩৫ কেজী শাখাত হিমাংশু শৰ্মাৰ ব্ৰঞ্জৰ পদক, চিনিয়ৰ ৫৫ কেজী শাখাত অনুভৱ কাশ্যপৰ ব্ৰঞ্জৰ পদক।

আনহাতে জুনিয়ৰ ছোৱালী শাখাত অঞ্জু লুুইতেলে ৰূপৰ পদক অৰ্জন কৰে। প্ৰশিক্ষক হিচাপে দলটোৰ লগত উপস্থিত থাকে প্ৰশিক্ষক হৃদয়ানন্দ দাস।

উল্লেখযোগ্য যে নেপালৰ ক্ৰীড়া মন্ত্ৰী জগত বাহাদুৰ চুনাৰে উদ্ধোধন কৰা এই প্ৰতিযোগিতাখনৰ ১৩ মে’ত অনুষ্ঠিত বটা বিতৰনী অনুষ্ঠনত নেপালৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী মাধৱ কুমাৰ নেপাল উপস্থিত আছিল।