NORTHEAST NOW (Assamese)
অসম

যোৰহাটৰ অ’ এন জি চি কলনিত পিঞ্জৰাবদ্ধ হ’ল প্ৰকাণ্ড নাহৰফুটুকী

Posted by: স্মিতা ভট্টাচাৰ্য Updated by: স্মিতা ভট্টাচাৰ্য May 9, 2019 2:11 pm

যোৰহাটৰ চিনামৰা অ’ এন জি চি কলনিত সন্ত্ৰাস চলোৱা নাহৰফুটুকী বাঘ দুটাৰ এটাক বুধবাৰে নিশা কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে।

নাহৰফুটুকী বাঘ দুটাৰ কথা ইতিমধ্যে বন বিভাগক জনোৱা হৈছিল আৰু সেই অনুসৰি বন বিভাগে উক্ত স্থানত স্থাপন কৰা পিঞ্জৰাত বুধবাৰে নিশা বাঘটো আবদ্ধ হয়।

পিঞ্জৰাবদ্ধ নাহৰফুটুকীটোৰ আকাৰ প্ৰকাণ্ড বুলি প্ৰকাশ কৰি ইয়াক কিছু দূৰত্বলৈ লৈ গৈ ঘন জংঘলত এৰি দিব বুলি বন বিভাগৰ এজন বিষয়াই জানিবলৈ দিয়ে।

‘নাহৰফুটুকী বাঘ দুটাই কাকো আক্ৰমণ কৰা নাই যদিও কলনিবাসী কিছু পৰিমাণে ভয়ত আছিল। দ্বিতীয়টো নাহৰফুটুকীকো কৰায়ত্ত কৰিবলৈ আমি প্ৰয়াস কৰি আছো’। এইদৰে কয় বন বিষয়াজনে।

উল্লেখ্য যে ইয়াৰ পূৰ্বেও অ’ এন জি চি কলনি আৰু যোৰহাটস্থিত নৰ্থ-ইষ্ট ইন্সষ্টিটিউট অব ছায়েন্স এণ্ড টেকন’লজিৰ কেম্পাছত প্ৰৱেশ কৰা নাহৰফুটুকীক বন বিভাগে কৰায়ত্ত কৰিবলৈ সক্ষম হৈছিল।