NORTHEAST NOW (Assamese)
অসম

সতীনাথ বাৰালে ক্ষমা নোখোজা পৰ্যন্ত পতঞ্জলিৰ কাম-কাজ বন্ধ থাকিব : এ জে ৱাই চি পি

Posted by: কাজি জেইদুল ইছলাম October 1, 2018 9:03 pm
Patanjali

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ লগতে নামঘোষা আৰু নামঘৰৰ বিৰুদ্ধে ৰামদেৱৰ পতঞ্জলিৰ যোগ নিৰীক্ষক সতীনাথ বাৰালে কৰা উপলুঙাসুচক মন্তব্যক ধিক্কাৰ জনাই আজি অসম জাতিয়তাবাদি যুৱ ছাত্ৰ পৰিষদে বিশ্বনাথ চাৰিআলিত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

উক্ত প্ৰতিবাদী কাৰ্যসূচীত বিশ্বনাথ চাৰিআলি আঞ্চলিক সমিতিয়ে বিশ্বনাথ চাৰিআলি পুলিচ পইন্টত ৰামদেৱ আৰু সতীনাথ বাৰালৰ পুত্তলিকা দাহ কৰাৰ লগতে পৰিষদৰ দুই শতাধিক সদস্যই ‘ৰামদেৱ মূৰ্দাবাদ’, ‘সতীনাথ বাৰাল গ’বেক’, ‘মহাপুৰুষ গুৰুজনাৰ বিৰুদ্ধে কৰা বিতৰ্কিত মন্তব্য সহ্য কৰা নহ’ব’ আদি শ্ল’গানেৰে বিশ্বনাথ চাৰিআলিৰ মাজ মজিয়াৰ পৰিৱেশ উত্তাল কৰি তোলে।

ইয়াৰ উপৰি প্ৰতিবাদকাৰী সকলে বিশ্বনাথ চাৰিআলিৰ বিভিন্ন দোকানৰ সন্মুখত লগাই থোৱা ৰামদেৱৰ ফটো সম্বল্লিত বিজ্ঞাপনৰ বেনাৰ সমূহ দোকান সমূহৰ পৰা আতঁৰাই দিয়ে। লগতে পতঞ্জলিৰ যোগ নিৰীক্ষক সতীনাথ বাৰালে ক্ষমা নোখোজা পৰ্যন্ত পতঞ্জলিৰ কাম-কাজ বন্ধ থাকিব বুলি স্পষ্ট কৰি দিয়ে।

আজিৰ উক্ত প্ৰতিবাদী কাৰ্যসূচীৰ প্ৰতি সংগঠনটোৰ বিশ্বনাথ জিলা সমিতিৰ বিষয়ববীয়া, সদৌ অসম নিবনুৱা সন্থাৰ বিষয়ববীয়া তথা বিশ্বনাথ চাৰিআলিৰ ভিন্ন প্ৰান্তৰ বহু লোকে স্বতঃস্ফূৰ্ত সহাঁৰি জনায়।