NORTHEAST NOW (Assamese)
অসম

বিশ্বনাথ আৰক্ষীক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সম্বৰ্ধনা

Posted by: কাজি জেইদুল ইছলাম Updated by: কাজি জেইদুল ইছলাম May 29, 2020 8:00 pm

কভিড-১৯ ৰ বিৰূদ্ধে চলি থকা যুজঁত  জৰুৰীকালীন সেৱাত ন্যস্ত থকা লোক সকলৰ ভিতৰত অন্যতম হৈছে আৰক্ষী বাহিনীৰ লোক সকল।

কোভিড-১৯ যুদ্ধৰ যুজাঁৰু এই সৈনিক সকলক সন্মান জনোৱাৰ উদ্দেশ্য আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিশ্বনাথ জিলাৰ অন্তৰ্গত দক্ষিণ চাৰিআলি আঞ্চলিক সমিতি তৰফৰ পৰা বিশ্বনাথ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সৌৰভ শইকীয়া, উপ-আৰক্ষী অধীক্ষক মুজাফৰ হুছেইন আৰু বিশ্বনাথ চাৰিআলি আৰক্ষী থানাৰ আৰক্ষী বিষয়া শোভন চন্দ্ৰ দাসক সম্বৰ্ধনা জ্ঞাপন কৰে।

ছাত্ৰ সংগঠনটোৱে আৰক্ষী বিষয়া সকলক একোখনকৈ ফুলাম গামোছাৰে সম্বৰ্ধনা জনায়।

উল্লেখযোগ্য যে, অসমত বৰ্তমানলৈ ৯৩৫ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হৈছে। ইয়াৰ ভিতৰত চাৰি গৰাকী লোকে প্ৰাণ হেৰুৱাইছে।

আনহাতে, অসমত বৰ্তমানলৈ মুঠ ১২৫ গৰাকী লোকে চিকিৎসাৰ অন্তত ক’ৰ’না মুক্ত হৈ নিজ গৃহলৈ ঘুৰি গৈছে।