NORTHEAST NOW (Assamese)
অসম

আম আদমী পাৰ্টি আৰএছএছৰ পৰাই উদ্ভৱ হৈছে, কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকাৰ মন্তব্য

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী February 13, 2022 4:58 pm

অৰবিন্দ কেজৰিৱালৰ আম আদমী পাৰ্টিয়ে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ স’তে বুজা পৰাত চলি আছে। আম আদমী পাৰ্টি আৰএছএছৰ পৰাই উদ্ভৱ হৈছে।

আজি কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে এই দাবী কৰিছে।

পঞ্জাৱৰ এখন নিৰ্বাচনী সভাত ভাগ লৈ গান্ধীয়ে কয় যে আপে দিল্লীত শিক্ষা আৰু স্বাস্থ্যসেৱাৰ উন্নয়ন সাধন কৰাৰ কথা কৈ আহিলেও প্ৰকৃততে ই মিছা কথা।

তেওঁ কয় যে আম আদমী পাৰ্টি আৰএছএচৰ পৰা উদ্ভৱ হৈছে। এতিয়া আদমী আদমী পাৰ্টিয়ে দিল্লী মডেলৰ কথা কৈ আছে।

এইক্ষেত্ৰত গান্ধীয়ে ২০১৪ চনৰ গুজৰাট মডেলৰ প্ৰসংগ উত্থাপন কৰে।

কয় যে বিজেপিয়ে গুজৰাট মডেলৰ নাম লৈ দেশবাসীক যিদৰে মূৰ্খ সজালে, সেইদৰে কেজৰিৱালে দিল্লী মডেলৰ নাম লৈছে।

নিৰ্বাচনী সভাখনত বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰকো ক্ষুৰধাৰ সমালোচনা কৰে গান্ধীয়ে। কৃষি বিলৰ প্ৰতিবাদ, লখিমপুৰ খেৰী ঘটনাকো তেওঁ সাঙুৰি লয়।

পঞ্জাৱৰ ঐতিহ্য গৰিমাক সুঁৱৰি তেওঁ কয় যে কোনো দিল্লীৰ কেজৰিৱাল অথবা বিজেপি নহয়, পঞ্জাৱত চৰকাৰ পাঞ্জাৱীয়েই চলাব লাগিব। এইক্ষেত্ৰত তেওঁ পঞ্জাৱৰ পূৰ্বৰ মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙকো লক্ষ্য কৰি লয়।

তেওঁ কয় যে কংগ্ৰেছৰ অমৰিন্দৰ চৰকাৰক মোদী চৰকাৰে পৰিচালনা কৰিছিল। এতিয়া কেপ্টেইন সিঙে কংগ্ৰেছ এৰি গৈ নতুন দল খুলি ইয়াক প্ৰকট কৰি তোলা বুলি গান্ধীয়ে কয়।

উল্লেখযোগ্য যে পঞ্জাৱৰ বিধানসভা নিৰ্বাচন অহা ২০ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব। এই লৈ বৰ্তমান শাসনাধীষ্ঠ কংগ্ৰেছ আৰু আম আদমী পাৰ্টিৰ মাজত তুমুল প্ৰতিদ্বন্দ্বিতা চলিছে।