NORTHEAST NOW (Assamese)
অসম

যাতায়াতৰ অনুপযোগী হৈ পৰিছে ‘বৰদোৱা বাইপাছ’ ডিমৌ-ৰাইদঙীয়া সংযোগী গড়কাপ্তানী পথ

Posted by: এন ই নাও নিউজ September 15, 2018 12:50 pm
6f27a908-2ecd-44cb-9eff-b54e548d038b

নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ অন্যতম গুৰুত্বপূৰ্ণ পথ হৈছে ডিমৌ-ৰাইদঙীয়া সংযোগী গড়কাপ্তানী পথটি। অসমীয়া কলা-কৃষ্টি-সাহিত্য-সংস্কৃতিৰ জনক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ইতিহাস বিজড়িত শ্ৰী শ্ৰী বটদ্ৰৱা থানলৈ অহা-যোৱা কৰাৰ ক্ষেত্ৰত অতীজৰে পৰা নামনি অসমৰ ৰাইজে সততে “বৰদোৱা বাইপাছ” ৰূপে ব্যৱহাৰ কৰি আহিছে এই পথটি।

নগাঁও গ্ৰাম্য পথ সংমণ্ডলৰ অধীনস্থ অতি গুৰুত্বপূৰ্ণ এই পথটোৰ ডিমৌ চাৰিআলিৰ পৰা কুঁজাৰবড়িলৈকে পথছোৱা নতুনকৈ নিৰ্মাণ কৰা হ’ল যদিও তাৰ গাতে লাগি থকা শেতালি গাঁৱৰ মাজত প্ৰায় ১০০ মিটাৰ পথত শিল বালি এচপৰাও নপৰিল। ফলত সেই ঠাইখিনিত বহু কেইটা দ’ গাঁতৰ সৃষ্টি হৈ গাঁওবাসীৰ লগতে আন পথচাৰী ৰাইজক জীয়াতু ভোগাইছে।

ইয়াৰ লগতে-বৰডুবীয়া প্ৰাথমিক বিদ্যালয়ৰ সন্মুখৰ পৰা জামুগুৰি চাৰিআলিলৈকে অংশছোৱাৰ পকীবোৰ বখলা-বখলে এৰি গৈ বৰ্তমান বোকা-পানীৰে উপচি পৰি একেবাৰে শোচনীয় হৈ পৰিছে। ইয়াৰে শেতালি, জামুগুৰি, চমুৱাগাঁও, কোঁচৰগাঁও, ভৰালীচুক, ব্ৰাহ্মণগাঁও, ক্ষেত্ৰিগাঁও, গান্ধী পথাৰ, চাউলখোৱা, চকলাঘাট চাৰিআলি, দৰঙীয়াল গাঁৱৰ অংশবোৰত অসংখ্য সৰু-বৰ গাঁতৰ সৃষ্টি হৈছে৷ ঠায়ে ঠায়ে পথটোৰ অৱস্থা অতিশয় শোচনীয়৷

আনকি খৌৰামুচৰ-বৰডুবীয়া প্ৰাথমিক বিদ্যালয়, গান্ধীজী প্ৰাথমিক বিদ্যালয়, হাতীচোং ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ ওচৰত তথা কোঁচৰগাঁও আৰু চমুৱাগাঁৱৰ নামঘৰৰ সন্মুখত আৰু ব্ৰাহ্মগাঁও চাৰিআলিত কেইবাটাও পুখুৰী সদৃশ বৃহৎ দ’ গাঁতৰ সৃষ্টিৰে পথটো একপ্ৰকাৰে যাতায়াতৰ বাবে বিপদজনক হৈ পৰা দেখা গৈছে।

সেয়ে অতি ব্যস্ততাপূৰ্ণ পথছোৱা শীঘ্ৰে মেৰামতি কৰি যাতায়াতৰ উপযোগী কৰি তুলিবলৈ স্থানীয় ৰাইজে বিধায়কদ্বয় ডিম্বেশ্বৰ দাস আৰু আঙুৰলতা ডেকাক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।