NORTHEAST NOW (Assamese)
অসম

বিলাসীপাৰাত যৌতুকৰ বাবে গিৰিয়েকে ডিঙি চেপি হত্যা কৰিলে ঘৈণীয়েকক

Posted by: এন ই নাও নিউজ May 9, 2019 2:22 pm

বিলাসীপাৰাৰ বাঘমাৰীত বুধবাৰে অৰ্থাৎ ৮ মে’ৰ নিশা লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হয়। বাঘমাৰীৰ নিৱাসী মইদুল হক ওৰফে মুকুল নামৰ লোকজনে নিজৰ পত্নীক ডিঙি চেপি হত্যা কৰে। নিহত মহিলাগৰাকীক আনোৱাৰা বিবি বুলি চিনাক্ত কৰা হৈছে।

নিহত মহিলা গৰাকীৰ পৰিয়ালৰ লোকে মুকুলে যৌতুকৰ বাবেই পত্নী আনোৱাৰাক হত্যা কৰিলে বুলি অভিযোগ উত্থাপন কৰে। পৰিয়ালৰ লোকে উত্থাপন কৰা অভিযোগ অনুসৰি মুকুলে আনোৱাৰাক বিয়া কৰি অনাৰ পিছৰে পৰা পৰিয়ালৰ লোকক যৌতুকৰ দাবী কৰি আহিছিল।

আনহাতে ঘটনা সন্দৰ্ভত অৱগত হোৱাত বিলাসীপাৰা মহকুমা আৰক্ষী বিষয়া ঘটনাস্থলীত উপস্থিত হয়। ইফালে আৰক্ষী উপস্থিত হোৱা বুলি জানিব পাৰি অভিযুক্ত তথা মুকুলে ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

পিছত মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। লগতে নিশাই মৃত মহিলাগৰাকীৰ ভাতৃয়ে অভিযুক্ত মুকুলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।