NORTHEAST NOW (Assamese)
অসম

বিশ্বনাথৰ পাণপুৰ মথাউৰি আৰু গৰাখহনীয়া প্ৰতিৰোধৰ কাম বাৰিষাৰ পূৰ্বে আৰম্ভ কৰাৰ আহ্বান

Posted by: কাজী জেইদুল ইছলাম Updated by: কাজী জেইদুল ইছলাম April 10, 2021 4:08 pm
a myanmar

অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ বিশ্বনাথ জিলা সমিতিৰ এটি সজাতি দলে আজি বিশ্বনাথ পাণপুৰ মথাউৰি, গৰাখহনীয়া অঞ্চল আৰু গৰাখহনীয়া ৰোধৰ বাবে আৱন্টিত জিঅ’ বেগৰ কাম পৰিদৰ্শন কৰে।

বৃহত্তৰ বিশ্বনাথ সমষ্টিৰ দক্ষিণ অঞ্চলৰ প্ৰধান সমস্যা, বান-গৰাখহনীয়াৰ স্থায়ী সমাধান বিচাৰি অন্যান্য জাতীয় দল সংগঠনৰ লগতে সংখ্যালঘু সংগ্ৰাম পৰিষদেও বিভিন্ন সময়ত দাবী উত্থাপন কৰি আহিছিল।

বিগত বাৰিষা কালত ৫নং কুমলীয়াৰ এটা বৃহৎ অংশ খহনীয়াৰ কৱলত পৰাৰ পিছত জিলা প্ৰশাসনৰ তৎপৰতাত খহনীয়া ৰোধৰ বাবে ইতিমধ্যে কেইবাকোটি টকাৰ পেকেজৰে জিঅ’ বেগ আৰু জিঅ’ মেটৰ কাম আৰম্ভ কৰে ।

সংগ্ৰাম পৰিষদৰ সঁজাতি দল টোৱে উক্ত কামৰ বুজ লৈ বিভাগীয় ঠিকাদাৰ- কৰ্তৃপক্ষক বাৰিষাৰ পূৰ্বেই পুনৰ নিৰ্মাণৰ কাম সম্পন্ন কৰাৰ আহ্বান জনায় ।

আনহাতে এই কামত যাতে কোনো ধৰনৰ মধ্যভোগী ব্যক্তিয়ে যি কোনো অজুহাত দেখুৱাই দূৰ্নীতি সংঘটিত কৰিব নোৱাৰে তাৰ বাবে স্থানীয় ৰাইজক তীক্ষ্ণ দৃষ্টি ৰখাৰ উপৰি কাম কৰাৰ সময়ত সৰ্বতোপ্ৰকাৰৰ সহযোগিতা আগবঢ়াবলৈ সংগ্ৰাম পৰিষদে আহ্বান জনায় ।