• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মিজোৰামত নির্মাণৰত ৰে’ল দলং ভাঙি ভয়ংকৰ বিপৰ্যয়; কমেও ১৭ জন লোকৰ মৃত্যু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 23, 2023 1:45 pm
মিজোৰামৰ চৈৰাঙত ভাঙি পৰা ৰে'ল দলংখন।

মিজোৰামৰ চৈৰাঙত ভাঙি পৰা ৰে'ল দলংখন।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূব ভাৰতত ৰেলপথ সম্প্ৰসাৰণৰ কাম দ্ৰুত গতিত আগবঢ়াই নিয়াৰ প্ৰচেষ্টাৰ মাজতে আজি পুৱা এক ভয়ংকৰ বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হয়। মিজোৰামত নিৰ্মাণৰত ৰে’ল দলং ভাঙি পৰি বৃহৎ দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাত কমেও ১৭ জন শ্ৰমিকৰ মৃত্যু হোৱা বুলিও জানিব পৰা গৈছে। আন কমেও ১০ জন শ্ৰমিক সন্ধানহীন বুলি কোৱা হৈছে। 

জানিব পৰা মতে, চৈৰাঙত সংঘটিত হৈছে এই দুৰ্ঘটনা। আইজলৰ বহু ওচৰতে চৈৰাং। মন কৰিবলগীয়া যে মিজোৰামৰ ৰাজধানী আইজলক ৰে’লপথৰ সৈতে সংযোগ কৰাৰ কাম দীৰ্ঘদিন ধৰি চলি আহিছে। সেই প্ৰকল্পৰ অধীনত আছিল চৈৰাঙৰ এই ৰে’ল দলংখন।

বাতৰি অনুসৰি, বুধবাৰে পুৱা নিৰ্মাণৰত ৰে’ল দলংখন ভাঙি পৰে। এই ৰে’ল দলংখনে এটা পাহাৰক আন এটা পাহাৰৰ লগত সংযোগ কৰি আছিল। এইদৰে পাহাৰীয়া অঞ্চলত ৰে’লপথৰ দূৰত্ব বহু পৰিমাণে হ্ৰাস পাব। অন্যথা সুৰংগ বনাব লগা হয় য’ত ভাৰসাম্য হেৰুৱাব পাৰে। ইফালে দুৰ্ঘটনাস্থলীৰ এখন ছবি প্ৰকাশ পাইছে। দেখা যায় যে চাৰি-পাঁচটা খুঁটা থিয় হৈ আছে। দলঙৰ এটা অংশ ভাঙি পৰিছে। আনটো অংশ অক্ষত অৱস্থাত আছে।

Apply Now

জানিব পৰা মতে, আজি পুৱা কমেও ৪০ জন শ্ৰমিকে ৰেল দলং নিৰ্মাণৰ কামত নিয়োজিত হৈছিল। ইয়াৰে কমেও ১৭ জনৰ এই দুৰ্ঘটনাত মৃত্যু হয়। দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে স্থানীয় প্ৰশাসনে উদ্ধাৰ অভিযান আৰম্ভ কৰে।

এই ঘটনাৰ পিছতে দুৰ্ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী আৰু প্ৰশাসনৰ উচ্চ পদস্থ বিষয়া। ৰে’লৱেৰ বিষয়াসকলো তাত উপস্থিত হয়। ইফালে ৰে’ল কৰ্তৃপক্ষই এই মৰ্মান্তিক দুৰ্ঘটনাৰ কাৰণৰ তদন্ত কৰা হ’ব বুলি জানিবলৈ দিয়ে। কাৰিকৰী দোষৰ বাবেই দুৰ্ঘটনা সংঘটিত হৈছে নে নাই তাক তদন্ত কৰা হ’ব।

আইজলক ৰে’লযোগে সংযোগ কৰিবলৈ চৈৰাঙৰ এই দলংখন অতি গুৰুত্বপূৰ্ণ আছিল। এই ৰে’ল দলংখন ভাঙি পৰাৰ বাবে আইজলবাসীৰ ৰে’ল যাত্ৰা আৰু অধিক পলম হৈছিল।

দুৰ্ঘটনাটোৰ বিষয়ে সদৰী কৰি উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মুখ্য জনসংযোগ বিষয়া সব্যসাচী দেই কয় যে, ‘ভাঙি পৰা দলংখন উত্তৰ-পূব অঞ্চলৰ সকলো ৰাজ্যৰ ৰাজধানী সংযোগৰ প্ৰকল্পৰ অংশ আছিল। কেইবাবছৰ ধৰি নিৰ্মাণৰ কাম চলি আছিল। পুৱা প্ৰায় ১১ বজাত সংঘটিত হয় এই ঘটনা। আমি এতিয়াও দুৰ্ঘটনাৰ কাৰণ জানিব পৰা নাই।’

ইপিনে, বৈৰাবি আৰু চৈৰাং ৰে’ল ষ্টেচনৰ মাজত কুৰুং নদীৰ ওপৰেৰে দলংখন নিৰ্মাণ কৰি থকা বুলি জানিব পৰা গৈছে। দলঙৰ ঘাটৰ উচ্চতা আছিল ১০৪ মিটাৰ। আইজলৰ পৰা প্ৰায় ২০ কিলোমিটাৰ নিলগত থকা চৈৰাং ৰে’লৱে ষ্টেচন মিজোৰামৰ ৰাজধানী পোৱাৰ আগতে শেষ ৰে’ল ষ্টেচন। এই প্ৰকল্প সম্পূৰ্ণ হ’লেই আইজল ৰাষ্ট্ৰীয় ৰে’ল নেটৱৰ্কৰ সৈতে সংযোজিত হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

July 9, 2026 10:54 am
যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

July 9, 2026 9:33 am
গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

July 9, 2026 7:39 am
নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

July 9, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

July 9, 2026 10:54 am
যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

July 9, 2026 9:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd